নগাঁও, 15 ডিচেম্বৰ: নগাঁৱৰ ম'হখুলিত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ নেকিবুৰ ৰহমান নামৰ এগৰাকী লোকৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডটো । নিশা সংঘটিত এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় নেকিবুৰৰ বাসগৃহটো । অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় প্ৰায় সাত লক্ষধিক টকাৰ সম্পত্তি ৷ স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অৱশ্যে অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ’ল সেই কথা এতিয়াও নিশ্চিত হোৱা নাই ৷
নগাঁৱৰ ম'হখুলিত বিধ্বংসী অগ্নিকাণ্ড - নগাঁৱৰ ম'হখুলিত বিধ্বংসী অগ্নিকাণ্ড
নগাঁৱৰ ম'হখুলিত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা । জুইত জাহ গ'ল প্ৰায় সাত লক্ষাধিক টকাৰ সম্পত্তি ।
![নগাঁৱৰ ম'হখুলিত বিধ্বংসী অগ্নিকাণ্ড অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9885283-611-9885283-1608027215533.jpg)
অগ্নিকাণ্ড