অসম

assam

By

Published : Jul 18, 2022, 9:41 PM IST

ETV Bharat / state

Massive fire broke out in Nagaon: কোটি টকা সম্পত্তি জাহ গ’ল জুৰীয়া বজাৰত

নগাঁৱৰ জুৰীয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire at juria market)। নিমিষতে ভস্মীভূত হ’ল 10 খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান । জুইত জাহ গ'ল প্ৰায় কোটি টকাৰ সা-সম্পত্তি ।

Fire incident at Juria Market
কোটি টকা সম্পত্তি জাহ গ’ল জুৰীয়া বজাৰত

নগাঁও, 18 জুলাই :এক ভয়ংকৰ অগ্নিকাণ্ডই নিমিষতে ছাইত পৰিণত কৰিলে নগাঁৱৰ জুৰীয়া বজাৰৰ প্ৰায় কোটি টকাৰ সা-সম্পত্তি (Massive fire broke out at Juria market) । সোমবাৰে বিয়লি বজাৰখনৰ মাজমজিয়াত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় 10 খনকৈ ব্যৱসায় প্ৰতিষ্ঠান ।

তথ্য অনুসৰি, জুৰীয়া বজাৰৰ মজনু নামৰ হোটেলখনত প্ৰথমে জুইৰ সূত্ৰপাত ঘটে (Fire started from hotel) ৷ তাৰ পিছত জুইৰ লেলিহান শিখাই নিমিষতে 10 খন দোকানত আগুৰি ধৰে ৷ যাৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন । এই অগ্নিকাণ্ডৰ ফলত প্ৰায় বহু কোটি টকাৰ সম্পত্তি জুইত জাহ যায় বুলি স্থানীয় লোকে ধাৰণা কৰিছে ।

কোটি টকা সম্পত্তি জাহ গ’ল জুৰীয়া বজাৰত

ইফালে সময় মতে অগ্নি নিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়াৰ পাচতো বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাত উত্তেজিত হৈ পৰে অঞ্চলটোৰ ৰাইজ । পিছত ক্ষোভিত ৰাইজ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীত শিলগুটি দলিয়াই আক্ৰমণ কৰে । ৰাইজৰ এই ৰুদ্ৰমুৰ্তি দেখি প্ৰথমতে অহা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীখন ঘটনা স্থলীৰ পৰা পলায়ন কৰে ।

পিছত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ তাৰ পাচত নগাঁৱৰ পৰা দ্বিতীয়খন অগ্নিনিৰ্বাপক গাড়ী অনা হয় আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও শ্ব’ৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে (Fire incident at Juria Market) ।

উল্লেখ্য যে, বৃহত্তৰ জুৰীয়া অঞ্চলত অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপনৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে ৷ কিন্তু আজি পৰ্যন্ত পূৰণ নহ'ল জুৰীয়াবাসীৰ দাবী । সেয়ে ৰাইজৰ এই দাবী পূৰণ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক :Fire in Guwahati: ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড, এগৰাকী মহিলাৰ মৃত্যু

ABOUT THE AUTHOR

...view details