অসম

assam

By

Published : Dec 4, 2021, 7:48 PM IST

ETV Bharat / state

Massive Fire Breaks Out : নগাঁৱত দাও দাওকৈ জ্বলিল এখন খেৰ ভৰ্তি বাহন

নগাঁও চহৰৰ সমীপৰ শিমলুগুৰি আদৰ্শ গাঁৱৰ ৰিজাৰ্ভত হঠাতে জ্বলি উঠে এখন খেৰ ভৰ্তি চাৰিচকীয়া বাহনখন (Massive fire in a four wheeler full of straw) । বাহনখনত লগা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদি বাহনখনে কঢ়িয়াই অনা খেৰবোৰ সম্পূৰ্ণভাৱে জ্বলি ছাই হয় ৷

Massive fire in a four wheeler full of straw
নগাঁৱত দাও দাওকৈ জ্বলিল এখন খেৰ ভৰ্তি বাহন

চামগুৰি, 4 ডিচেম্বৰ :নগাঁৱত দপদপাই জ্বলি উঠিল খেৰ ভৰ্তি এখন চাৰিচকীয়া বাহন । শনিবাৰে নগাঁও চহৰৰ সমীপৰ শিমলুগুৰি আদৰ্শ গাঁৱৰ ৰিজাৰ্ভত হঠাতে জ্বলি উঠে এই খেৰ ভৰ্তি চাৰিচকীয়া বাহনখন (Massive fire in a four wheeler full of straw) ।

বাহনখন জ্বলা দেখি পথাৰত কাম কৰি থকা খেতিয়ক আৰু পথচাৰীয়ে সাহসিকতাৰ পৰিচয় দি তৎপৰতাৰে অগ্নি নিৰ্বাপন কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে ৷ বাহনখনত লগা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও বাহনখনে কঢ়িয়াই অনা খেৰবোৰ সম্পূৰ্ণভাৱে জ্বলি চাই হয় ৷

উল্লেখ্য যে, বাহনখনৰ জুই নিৰ্বাপনৰ বাবে অগ্নি নিৰ্বাপক বাহিনীক স্থানীয় লোকে খবৰ দিয়ে যদিও বহু পলমকৈহে সেই স্থানত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ এখন গাড়ী ৷

নগাঁৱত দাও দাওকৈ জ্বলিল এখন খেৰ ভৰ্তি বাহন

জানিব পৰা মতে, খেৰখিনি লাহৰিঘাটলৈ নিয়াৰ উদ্দেশ্যে এজন লোকে ক্ৰয় কৰিছিল । লোকজনে ঘৰলৈ ভাত খাবলৈ গৈছিল আৰু বাহনখনৰ ড্ৰাইভাৰজন ৰছী কিনিবলৈ বজাৰত যোৱা সময়তে এই ঘটনা সংঘটিত হয় । সৌভাগ্যক্ৰমে AS-21C-2548 নম্বৰৰ বাহনখনৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক:Propaganda Against Akhil: শিৱসাগৰ টাউনত হোৱা উচ্ছেদৰ লগত জড়িত অখিল গগৈ !

ABOUT THE AUTHOR

...view details