অসম

assam

By

Published : Mar 27, 2022, 2:28 PM IST

ETV Bharat / state

নগাঁৱত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল ২০ লক্ষাধিক টকাৰ সম্পত্তি

বিধ্বংসী অগ্নিকাণ্ডত বিস্তৰ ক্ষতি । নগাঁৱৰ ছয়খনকৈ ব্য়ৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড । জুইত জাহ গ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি (Massive fire at Rupahi) ।

nagaon fire incident
নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড: জাহ গ'ল ২০ লক্ষাধিক টকাৰ সম্পত্তি

নগাঁও, ২৭ মাৰ্চ :নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড । জুইত জাহ গ'ল ২০ লক্ষাধিক টকাৰ সম্পত্তি (Massive fire at Rupahi) । শনিবাৰে মাজনিশা নগাঁৱৰ চিভিল গেটত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ।

দাউদাউকৈ জ্বলি উঠা জুইত ভস্মীভূত হয় ছয়খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । লগে লগে হুৱাদুৱা লাগে ব্যৱসায়িক এলেকাটোত । অগ্নিকাণ্ডত জাহ যায় প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি । নিশা অগ্নিনিৰ্বাপক বাহিনী কেন্দ্ৰত ফোনৰ জৰিয়তে যোগাযোগ কৰাৰ চেষ্টা কৰিও যোগাযোগ স্থাপন কৰিব নোৱাৰিলে স্থানীয় ৰাইজে ।

নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড: জাহ গ'ল ২০ লক্ষাধিক টকাৰ সম্পত্তি

অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰত উপস্থিত হৈ খবৰ দিয়াৰ পিছত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোক । অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ কাৰণ স্পষ্ট হোৱা নাই যদিও বৈদ্যুতিক বিজুতিৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক:হোজাইত কোটি টকাৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details