নগাঁও, 8 জুলাই : কালৰূপী কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ ভয়াবহতাৰ মাজতে বুধবাৰে নগাঁও জিলাৰ ৰূপহীহাটৰ সপ্তাহিক বজাৰত ভিৰ কৰে হাজাৰ হাজাৰ জনতাই ৷ এই ভিৰ দেখি এতিয়া চকু কপালত উঠিছে সচেতন মহলৰ। সকলো চৰকাৰী নীতি-নিয়ম ভৰিৰে মোহাৰি তথা সামাজিক দূৰত্ব উলংঘা কৰি বজাৰত একে সময়তে ভিৰ কৰিছে বহু সংখ্যক লোকে।
কোনো ধৰণৰ মাস্ক নিপিন্ধাকৈ ওলাই আহিছে অধিকাংশ লোক। বয় বস্তু বেচা-কিনাৰ সময়ত দোকান সমূহত সামাজিক দূৰত্ব ৰক্ষা কৰাৰ বিষয়টো যেন একেবাৰেই আওকাণ কৰা দেখা গৈছে একাধিক ব্যৱসায়ীয়ে। নগাঁও জিলাতো এক নিৰ্দিষ্ট সময়ৰ পৰা ১৪৪ ধাৰা প্ৰযোজ্য হৈ থকাৰ পাচতো খোদ আৰক্ষী আৰু প্ৰশাসনৰ চকুৰ আগতে কেনেকৈ বহিব পাৰিলে ৰূপহীহাটৰ সাপ্তাহিক বজাৰ, ইয়াকেলৈ এতিয়া সৰব চৰ্চা চলিছে বহুজনৰ মাজত। কাৰণ ৰূপহীহাট আৰক্ষী থানাৰ পৰা প্ৰায় ১০০ মিটাৰৰ দূৰত্বত বহিছিল সাপ্তাহিক বজাৰ খন ।