বটদ্ৰৱা, ২১ মে': লক ডাউনৰ গইনা লৈ বটদ্ৰৱা উন্নয়ন খণ্ডত চৰকাৰী অভিলাষী আঁচনিৰ নামত অবাধ দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন । MGNREGA কে ধৰি চৰকাৰৰ অভিলাষী আঁচনিৰ ৰূপায়ন নামত সংঘটিত হৈ অহা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে । বিশেষকৈ MGNREGA ৰ কামত শ্ৰমিক নিয়োগৰ পৰিৱৰ্তে চলিছে ট্ৰেক্টৰে ।
বটদ্ৰৱাত MGNREGA আচঁনিত ব্যাপক দূৰ্নীতি - lock down
বটদ্ৰৱা উন্নয়ন খণ্ডত MGNREGA আচঁনিত ব্যাপক দূৰ্নীতিৰ অভিযোগ । জৱ কাৰ্ড শ্ৰমিকৰ বিপৰীতে Mgnrega কামত নিয়োজিত হ'ল টেক্টৰ । জবকাৰ্ড শ্ৰমিকৰ ক্ষোভ পঞায়ত সভানেত্ৰীৰ বিৰুদ্ধে । সকলো দেখিও চকু মুদা কুলিৰ ভাও সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা
উল্লেখ্য যে, বটদ্ৰৱা উন্নয়ন খণ্ডত এতিয়া একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীয়ে মুক্ত ভাবে চলায় আহিছে চৰকাৰী আচঁনিত লুণ্ঠন ৰাজ । কিন্তু সকলো দেখিও নিৰ্বিকাৰ সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা । বটদ্ৰৱা উন্নয়ন খণ্ডৰ ওপৰ ডুমডুমীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ । বিদ্যালয়ৰ আৰ্থ ফিল্ডিং বাবদ চাৰিলাখ ৫২ হেজাৰ ৫৭৮ টকা আৱণ্টিত হৈছিল । অভিযোগ অনুসৰি, সভানেত্ৰী পূৰ্নিমা দাসে জব কাৰ্ডৰ হিতাধিকাৰীক এই কামত নিয়োজিত নকৰি গাঁৱৰে পাচঁজন লোকক মাত্ৰ ২০ হেজাৰ টকাত বন্দোবস্থী কৰি মাটি পেলাবলৈ অনুমতি দিয়ে ।
ওপৰ ডুমডুমীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ Earth Filling ৰ বাবে এম জি এনৰেগা আঁচনিৰ অধীনত ২০২০/২১ বৰ্ষত আবন্টন দিছিল ৫ লাখ ৫২ হেজাৰ ৫৭৮ টকা । মাত্ৰ পঞ্চাচ হেজাৰ টকাৰ মাটিৰ কাম কৰি সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে জবকাৰ্ড শ্ৰমিকসকলে । লক ডাউনৰ বাবে দৰিদ্ৰ শ্ৰমিক সকলক পানীত হাঁহ নচৰা পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু সেই সময়তে পঞ্চায়ত প্ৰতিনিধিৰ এনে কাণ্ডত সৃষ্টি হৈছে সমগ্র অঞ্চলতে তীব্র প্ৰতিক্ৰিয়াৰ । এতিয়া প্ৰশ্ন হয় শাসনাধিষ্ঠি চৰকাৰ খনে সততে শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰি দূৰ্নীতি মুক্তৰ কথা কৈ থকা চৰকাৰৰ এই সকল জনপ্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় ।