কলিয়াবৰ, 19 চেপ্টেম্বৰঃ কলিয়াবৰৰ বৰঘূলীত অব্যাহত বৰ লুইতৰ ৰূদ্ৰমূৰ্তি । বিগত জুলাই মাহত কলিয়াবৰ বৰঘূলীৰ কৃষি বান্ধটোৰ বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পিচত বৰ্তমানেও অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ । বিগত তিনিদিন ধৰি অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই শংকিত কৰিছে অঞ্চলবাসীক । ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে জাহ গ'ল ১৯১৫ চনত স্থাপিত হোৱা মদীনাতুল উলুম ২ নং বৰঘূলী হাফীজিয়া ওকাৰীয়ানা মাদ্ৰাছাৰ লগতে ১৯৪৫ চনত স্থাপিত এটা মছজিদ । গৰাখহনীয়াই সম্প্ৰতি ৭ নং বৰঘূলী মুক্তাব প্ৰাথমিক বিদ্যালয়খনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এইদৰে গৰাখহনীয়া অব্যাহত থাকিলে বিদ্যালয়খন ব্ৰহ্মপু্ত্ৰ বুকুত জাহ যোৱাৰ শংকা সৃষ্টি কৰিছে স্থানীয় ৰাইজে ৷ বছৰ বছৰ ধৰি অঞ্চলটোত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগক শীঘ্ৰেই গাইড-বান্ধ স্থাপনৰ দাবী জনাইছে বৰঘূলীৰ খহনীয়াগ্ৰস্ত ৰাইজে ।
বুঢ়ালুইতৰ বুকুত নিচিহ্ন হ'ব নেকি বৰঘূলী ! - Kaliabar news
কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী ৰূপ ৷ গৰাখহনীয়াত মছজিদ আৰু মাদ্ৰাছা জাহ যোৱাৰ বিপৰীতে শীঘ্ৰেই নদীৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে এখন প্ৰাথমিক বিদ্যালয় ৷
কলিয়াবৰত অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া
উল্লেখ্য় যে, গৰাখহনীয়াত আক্ৰান্ত এই অঞ্চলটো জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিৰ অন্তৰ্গত ৷ কিন্তু বৰ্তমান সময়ত বিভাগটোৱে জিঅ' বেগেৰে খহনীয়া ৰোধৰ বৃথা চেষ্টা কৰাৰ বাহিৰে আন কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ইতিমধ্যেই কেশৱ মহন্তই লোকসভা নিৰ্বাচনৰ পূৰ্বে মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ ক্ষেত্ৰত নিৰ্বাচনী আচৰণ বিধিৰ দোহাই দি হাত দাঙি দিয়ে ৷ বৃহত্তৰ এই অঞ্চলটো ৰক্ষাৰ বাবে বিয়াগোম বিভাগটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ'ব ৷