ৰহা, 29 জানুৱাৰী :এখন দুখন বিবাহ নহয়, সমূহীয়া বিবাহ অনুষ্ঠানৰ আয়োজন কৰিলে ৰহাৰ চাপৰমুখবাসীয়ে ৷ বিবাহলৈ আলহি আহিছে, গৈছে ৷ ইয়াৰ সমান্তৰালভাৱে আইতা, বৰমা, খুৰীদেউহতঁৰ বিয়াৰ নাম আৰু উৰুলিৰ ধ্বনিত উদুলি মুদুলি হৈ পৰিছে বিয়াৰ ৰভাথলী ৷
শুকুবাৰে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিলে নগাঁও জিলাৰ ৰহাৰ চাপৰমুখত ৷ ৰহাৰ চাপৰমুখৰ কচুৱা যুৱক সংঘৰ উদ্যোগত চাপৰমুখৰ ধুলিজানত শুকুৰবাৰে আয়োজন কৰা হ'ল এক সমুহীয়া বিবাহ অনুষ্ঠান।
ৰহাৰ চাপৰমুখত প্ৰায় দুকুৰি পুৰুষ-মহিলাৰ সমুহীয়া বিবাহ কচুৱা একশৰণ নাম ধৰ্ম সমাজৰ ৰাজহুৱা নামঘৰত আয়োজন কৰা এই সমুহীয়া বিবাহ অনুষ্ঠানত মুঠ 80 গৰাকী পুৰুষ-মহিলাই ধৰ্মীয় পৰম্পৰাৰ মাজেৰে যুগ্ম জীৱনৰ পবিত্ৰ বান্ধোনেৰে বিবাহপাশত আবদ্ধ হয় ।
দৰিদ্ৰ সীমাৰেখাৰ তলৰ যুৱক-যুৱতীৰ এই গণ বিবাহৰ মাংগলিক কাৰ্যসূচীত স্থনীয় বহু লোকে অংশ গ্ৰহণ কৰে । সমাজৰ ধনী-দুখীয়া নিৰ্বিশেষে সকলোৰে আৰ্থিক সহযোগত আয়োজন কৰা এই সমূহীয়া বিবাহ অনুষ্ঠানে সমাজলৈ এক যুগাত্মক বাৰ্তা প্ৰদান কৰিলে ৷
লগতে পঢ়ক: চৰকাৰৰ আঁচনিক জম্মু-কাশ্মীৰবাসীয়ে সমৰ্থন জনাইছে: ৰাষ্ট্ৰপতি