চামগুৰি, 12 মে’ : ৰাজ্যত মহামাৰী ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ইয়াৰ সমান্তৰালকৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় বটদ্ৰৱা শ্রী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত বিনামূলীয়া মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় ।
বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত মাস্ক চেনিটাইজাৰ বিতৰণ - বিনামুলীয়া মাস্ক আৰু চেনিটাইজাৰ
বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত শান্তিজান বজাৰৰ সন্মুখৰ পথেৰে অহা-যোৱা কৰা পথচাৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত বিনামূলীয়া মাস্ক আৰু চেনিটাইজাৰ বিতৰণ ।
![বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত মাস্ক চেনিটাইজাৰ বিতৰণ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত মাস্ক চেনিটাইজাৰ বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11729449-582-11729449-1620798729455.jpg)
বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত মাস্ক চেনিটাইজাৰ বিতৰণ
বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত মাস্ক চেনিটাইজাৰ বিতৰণ
মহাবিদ্যালয়ৰ অধ্যক্ষ হবিবোৰ ৰহমানৰ নেতৃত্বত কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলৰ সহযোগিতাত শান্তিজান বজাৰৰ সন্মুখৰ পথেৰে অহা-যোৱা কৰা পথচাৰী সকলৰ মাজত মাস্ক বিতৰণ কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, এনেদৰে বিদ্যালয়-মহাবিদ্যালয় সমূহে সজাগতা সৃষ্টি কৰিলে জনসাধাৰণৰ মাজত ইতিবাচক প্ৰভাৱ পৰিব বুলি সচেতন মহলে ব্যক্ত কৰিছে ।
লগতে পঢ়ক : ধুবুৰীত সাপ্তাহিক বজাৰসমূহ বন্ধৰ নিৰ্দেশ উপয়ুক্তৰ