নগাঁও, 28 নৱেম্বৰ:"ড্ৰাগছে এটা সামাজিক ব্যাধি হিচাপে দেখা দিছে ৷ এই ব্যাধি দূৰ কৰিবলৈ আমি 27 নৱেম্বৰত এটা প্ৰচেষ্টা হাতত লৈছো ৷ উদমাৰী জামেকুছি মছজিদৰ দ্বাৰা এই সিদ্ধান্ত লোৱা হৈছে যে যিসকল ড্ৰাগছ বিক্ৰেতা বা ড্ৰাগছ সেৱনকাৰীৰ মৃত্যু হ’ব তেওঁলোকৰ মৃত্যুৰ খবৰ ৰাজহুৱাভাৱে মাইকযোগে প্ৰচাৰ নহয় ৷ দ্বিতীয়তে তেওঁলোকৰ জানাজাত পৰিয়ালৰ লোকৰ বাহিৰে অন্য লোক উপস্থিত নাথাকিব ৷ মছজিদৰ ইমামে তেওঁৰ জানাজা নপঢ়ায় আৰু তেওঁলোকৰ মৃতদেহ কঢ়িয়াবলৈ মছজিদৰ খাট ব্যৱহাৰ কৰা নহয় ৷" নগাঁৱৰ উদমাৰীবালোৰ ঘাট জামে মছজিদৰ ঐতিহাসিক সিদ্ধান্ত (Action against drugs addict in Masjid) ৷
ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ অভিযান চলাই থকাৰ সময়তে এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে নগাঁৱৰ মছজিদ কমিটিয়ে ৷ সম্প্ৰতি নগাঁও চহৰত অলিয়ে গলিয়ে ড্ৰাগছৰ বেহা গঢ় লৈ উঠিছে (Anti drugs campaign in Assam) ৷ এই সন্দৰ্ভত প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাকো ভেঙুচালি কৰি একাংশই চলাই যোৱা এই বেহাত যুৱ প্ৰজন্ম অধিক আসক্ত হোৱা পৰিলক্ষিত হৈছে (Drugs addiction increase in Nagaon) ৷ নগাঁৱৰ উদমাৰীবালোৰ লগতে নিকটৱৰ্তী অঞ্চলত দিনক দিনে ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (Masjid committee action against drugs addict)৷