অসম

assam

ETV Bharat / state

কলিয়াবৰত মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত শ্বহীদ ভাতৃৰ - KALIABOR CAB PROTEST

১৯৮৩ ৰ আন্দোলনৰ শ্বহীদ প্ৰদীপ লস্কৰৰ ভাতৃ বিশ্বজিৎ লস্কৰে কৰে মুণ্ডন,হীদ ভাতৃয়ে পুৱা শিলঘাটস্থিত মহাত্মা গান্ধীৰ অস্থিধামৰ সন্মুখত মুণ্ডন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব‍্যস্ত কৰে,অগপৰ এই কাৰ্য‍ক অসম আন্দোলনৰ শ্বহীদসকলৰ আত্মাই কেতিয়াও ক্ষমা নকৰে বুলি বিশ্বজিত লস্কৰে ব‍্যক্ত কৰে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ
কলিয়াবৰত মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত শ্বহীদ ভাতৃৰ

By

Published : Dec 17, 2019, 12:19 PM IST

Updated : Dec 17, 2019, 2:56 PM IST

কলিয়াবৰ,17 ডিচেম্বৰঃ কলিয়াবৰৰ শিলঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ঐক‍্য মঞ্চই ৷ সেইসূত্ৰে শ্বহীদ ভাতৃয়ে মঙলবাৰে মুণ্ডনেৰে কৰে প্ৰতিবাদ ৷ ১৯৮৩ৰ আন্দোলনৰ শ্বহীদ প্ৰদীপ লস্কৰৰ ভাতৃ বিশ্বজিৎ লস্কৰে কৰে মুণ্ডন ৷ লগতে মহেশ্বৰ নেওগ আৰু নৱ বৰা নামৰ দুজন যুৱকেও মুণ্ডন কৰি সাব্যস্ত কৰে চৰকাৰ বিৰোধী প্ৰতিবাদ ৷

উল্লেখ্য যে,১৯৮৩ চনৰ ৪ মাৰ্চত কামপুৰৰ চেঙাজানত আৰক্ষীৰ গুলিত শ্বহীদ হৈছিল প্ৰদীপ লস্কৰ। সেইগৰাকী শ্বহীদ ভাতৃয়ে পুৱা শিলঘাটস্থিত মহাত্মা গান্ধীৰ অস্থিধামৰ সন্মুখত মুণ্ডন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব‍্যস্ত কৰে। আইনখনৰ জৰিয়তে মৃত শ্বহীদ ভাতৃক পুনৰবাৰ চৰকাৰে হত্যা কৰা বুলি ভাতৃ বিশ্বজিতে অভিযোগ উত্থাপন কৰে ৷

কলিয়াবৰত মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত শ্বহীদ ভাতৃৰ

আইনখন সম্পৰ্কত চৰকাৰ আৰু আঞ্চলিক দল অসম গণ পৰিষদৰ ভূমিকা জাতিদ্ৰোহী বুলি ক্ষোভ প্ৰকাশ কৰে বিশ্বজিৎ লস্কৰে ৷ লগতে অগপৰ এই কাৰ্য‍ক অসম আন্দোলনৰ শ্বহীদসকলৰ আত্মাই কেতিয়াও ক্ষমা নকৰে বুলি বিশ্বজিত লস্কৰে ব‍্যক্ত কৰে ৷

লগতে চাওকঃহিমাচল প্ৰদেশত পেলনীয়া প্লাষ্টিকৰ সু ব্যৱহাৰ

Last Updated : Dec 17, 2019, 2:56 PM IST

ABOUT THE AUTHOR

...view details