অসম

assam

ETV Bharat / state

দুচকুত অলেখ সপোন লৈ যুঁজিছে মিছাৰ এইসকল মাৰ্চিয়েল আৰ্ট প্ৰশিক্ষাৰ্থীয়ে - মাৰ্চিয়েল আৰ্ট চেল্ফ ডিফেন্স ক্লাব'

মিছাৰ ৰাজ নায়কৰ তত্বাৱধানত থকা 3 জনকৈ প্ৰশিক্ষকে কলিয়াবৰৰ মিছাত 'ৱাৰিঅ'ৰ মাৰ্চিয়েল আৰ্ট চেল্ফ ডিফেন্স ক্লাব' নামেৰে কাৰাটেৰ এক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি বৰ্তমান ৭০ জন প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷

'ৱাৰিঅ'ৰ মাৰ্চিয়েল আৰ্ট চেল্ফ ডিফেন্স ক্লাবে প্ৰশিক্ষণ দিছে বিভিন্ন শিকাৰুক
'ৱাৰিঅ'ৰ মাৰ্চিয়েল আৰ্ট চেল্ফ ডিফেন্স ক্লাবে প্ৰশিক্ষণ দিছে বিভিন্ন শিকাৰুক

By

Published : Sep 24, 2020, 1:54 PM IST

কলিয়াবৰ, 24 ছেপ্টেম্বৰ :কলিয়াবৰৰ মিছাত 'ৱাৰিঅ'ৰ মাৰ্চিয়েল আৰ্ট চেল্ফ ডিফেন্স ক্লাব' নামেৰে কাৰাটেৰ এক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি বৰ্তমান ৭০ জন প্ৰশিক্ষাথীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ মিছাৰ ৰাজ নায়কৰ তত্বাৱধানত থকা 3 জনকৈ প্ৰশিক্ষকে এই প্ৰশিক্ষণ চলাই আহিছে ৷

২০১৪ চনতে জন্মলাভ কৰা 'ৱাৰিঅ'ৰ মাৰ্চিয়েল আৰ্ট চেল্ফ ডিফেন্স ক্লাব' কাৰাটেত প্ৰশিক্ষণ লাভ কৰি বৰ্তমান ৩ জন প্ৰশিক্ষাথীয়ে ব্লেক বেল্ট লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ১১ বছৰীয়া এজনী কণমানিয়ে কলিয়াবৰৰ ভিতৰতে প্ৰথম ব্লেক বেল্ট লাভ কৰিবলৈ সক্ষম হৈছে।

'ৱাৰিঅ'ৰ মাৰ্চিয়েল আৰ্ট চেল্ফ ডিফেন্স ক্লাবে প্ৰশিক্ষণ দিছে বিভিন্ন শিকাৰুক
বৰ্তমান ৭০ জন প্ৰশিক্ষাৰ্থীয়ে ৰাজ নায়কৰ তত্বাৱধানত খুশী নায়ক, প্ৰদুম্ন তামুলী আৰু আহাদুৰ হকে প্ৰশিক্ষণ প্ৰদান কৰি আছে এই সকল প্ৰশিক্ষাৰ্থী ।উল্লেখ্য যে, ২০১৯ চনৰ এপ্ৰিল মাহত দিল্লীত অনুষ্ঠিত হোৱা কাৰাটে টুৰ্ণামেণ্টত ৰাজ নায়কৰ তত্বাৱধানত যোৱা এটা দলে অংশগ্ৰহণ কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত ২০১৯ৰ এপ্ৰিল মাহত জাপানত অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত দলটোৱে অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল । কিন্তু অৰ্থৰ অভাৱত থমকি ৰ’ব লগীয়া হৈছিল দলটো । অৱশ্যে এতিয়াও মনত বহু আশা লৈ ৱাৰিঅ'ৰ মাৰ্চিয়েল আৰ্ট চেল্ফ ডিফেন্স ক্লাবৰ কাৰাটেৰ প্ৰশিক্ষণ লাভ কৰা এই সকলে নিজৰ অনুশীলনত এইদৰেই ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে ।অনাগত দিনত চৰকাৰ তথা ৰাইজৰ পৰা যদিহে আৰ্থিক সাহায‍্য লাভ কৰে, তেন্তে পুনৰ ৰাজ্য তথা দেশৰ বাহিৰত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ৰাজ্য তথা দেশৰ নাম উজ্জলাবলৈ চেষ্টা অব‍্যাহত ৰাখিছে এই যুৱ প্ৰজন্মৰ কাৰাটে শিকাৰু সকলে ৷

লগতে পঢ়়ক :আমছুৰ তীব্ৰ ককৰ্থনা গৰিয়া মৰিয়া দেশী জলহা জাতীয় পৰিষদৰ

ABOUT THE AUTHOR

...view details