নগাঁও, ২১ জুলাই: ৰাজ্যত নিৰ্ধাৰিত সময়ৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ পাছতো ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ আশানুৰূপভাৱে হ্ৰাস পোৱা নাই । বিভিন্ন জিলাত পূৰ্বতকৈ বৃদ্ধি হৈছে দৈনিক সংক্ৰমণৰ ঘটনা । সেয়ে পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে প্ৰশাসন । নগাঁও জিলাতো মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ।
নগাঁৱৰ জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষই জিলাখনৰ কেইবাখনো বজাৰ পৰৱৰ্তী ৭ দিনৰ বাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে । এই নিৰ্দেশ অনুসৰি জিলাখনৰ বৰকোলা বজাৰ আৰু দক্ষিণপাট চাৰিআলিৰ বজাৰ দুখন বুধবাৰৰ পৰা পৰৱৰ্তী ৭ দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে । লগতে জাজৰী বজাৰ ২২ জুলাইৰ পৰা ৭ দিন পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে । এই নিৰ্দেশ অমান্য কৰি কোনো লোকে যদি পুনৰ বজাৰ আৰম্ভ কৰে তেন্তে সেই লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷
অৱশ্যে এই বজাৰসমূহত থকা গেলামালৰ দোকান, ঔষধৰ দোকানসমূহ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে । জিলাখনৰ বজাৰবোৰত মানুহৰ সমাগম অধিক হোৱাৰ বাবে সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা কৰিছে প্ৰশাসনে । সেয়েহে কোনো কোনো অঞ্চলৰ বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ।