নগাঁও, 3 ফেব্ৰুৱাৰী: বাল্য বিবাহৰ বিৰুদ্ধে ইতিমধ্যেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam drive against child marriage)। বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হৈ বাল্য বিবাহৰ লগত জড়িত থকা বেআইনী স্বামী, পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌল্লবী আৰু কাজিক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Operation against child marriage) ।
তাৰ পিছতেই ৰাজ্যৰ প্ৰতিখন জিলাতেই অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ কৰে তীব্ৰতৰ অভিযান (Child marriage cases registered in Assam) ৷ অভিযানকালত বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাল্য বিবাহৰ লগত জড়িত থকা বহুকেইজনক আটক কৰে আৰক্ষীয়ে ৷ ইফালে সমগ্ৰ ৰাজ্যতে এই পৰ্যন্ত বাল্য বিবাহৰ মুঠ ৪,০০৪ টা গোচৰ পঞ্জীয়ন হৈছে (Assam child marriage case list) ৷ তাৰ ভিত্তিতেই আৰক্ষীয়ে চলাই গৈছে অভিযান ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতেই বাল্য বিবাহৰ লগত জড়িত বেআইনী স্বামী আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে এক্সন আৰম্ভ কৰিলে নগাঁও আৰক্ষীয়ে (Operation against Child marriage In Assam)।