চামগুৰি, 5 জানুৱাৰী :নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুং গাঁও,আমডাংগা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা বহু দিন ধৰি দখলদাৰী কৃষকক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যক এতিয়া সহজ ভাৱে ল'ব পৰা নাই স্থানীয় দল-সংগঠনে ।
উল্লেখযোগ্য যে,অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এ পি ডি চি এলৰ জৰিয়তে 'আজুৰ' কোম্পানীয়ে বঢ়মপুৰৰ হায়ঙথলৰ নিকটৱৰ্তী আমডাংগাত গাঁৱত সৌৰশক্তিৰে বিদ্যুৎ বিতৰণৰ এক ব্যয়বহুল প্ৰকল্প নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে । কিন্তু এনে কাৰ্যত অসন্তুষ্ট হৈ দখল কৰি থকা বামুনী হায়ঙথলৰ একাংশ লোকে ন্যায়ালয়ৰ কাষ চাপে যদিও কৃষকক উচ্ছেদ কৰি খিলঞ্জীয়া তথা দৰিদ্ৰ কৃষক ৰাইজৰ ভূমি বহিৰাগত কোম্পানীটোৱে বলপূৰ্বকভাৱে দখল কৰে । ইয়াকে লৈ আমদাঙাত বিগত দিন সমূহত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈ আহিছে ।