অসম

assam

ETV Bharat / state

দৰিদ্ৰতাই কোঙা কৰিব নোৱাৰা বটদ্ৰৱাৰ মানসী বৰুৱা - batadrava

ভৱিষ্যতে শিক্ষয়িত্ৰী হোৱাৰ সপোন ছাত্ৰী গৰাকীৰ ৷

দৰিদ্ৰতাই কোঙা কৰিব নোৱাৰা বটদ্ৰৱাৰ মানসী বৰুৱা

By

Published : May 27, 2019, 11:05 AM IST

বটদ্ৰৱা , 27 মে':দৰিদ্ৰতাক নেওচি 90 শতাংশৰে বটদ্ৰৱাত উজলিল খেতিয়কৰ জীয়ৰী মানসী বৰুৱা ৷ নগাঁও জিলাৰ বটদ্ৰৱাৰ নিবাসী পৰাণ বৰুৱা আৰু চাৰু বৰুৱাৰ কন্যা মানসী বৰুৱা ৷

শিক্ষাৰ আহৰণৰ ক্ষেত্ৰত আৰ্থিক দীনতা যে কোনো কাৰণতে হেঙাৰ হ'ব নোৱাৰে এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰিলে মেধাৱী ছাত্ৰী মানসীয়ে ৷ শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ বটদ্ৰৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কৃতী ছাত্ৰী গৰাকীয়ে ৷ বৰদোৱা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি সৰ্বমুঠ 447 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে ৷ লগতে তৰ্ক আৰু দৰ্শন বিষয়ত 100ৰ ভিতৰত 100 নম্বৰৰ লাভ কৰে মানসীয়ে ৷ উল্লেখ্য যে, মানসীৰ দেউতাক এজন খেতিয়ক ৷ লোকৰ মাটিত খেতি কৰি দুবেলা দুমুঠি খোৱাৰ বাবে যোগাৰ কৰে মানসীৰ দেউতাকে ৷ পঢ়া শুনা কৰিবলৈ ঘৰত মাত্ৰ এখন টেবুল‌ আছিল, য'ত 2 গৰাকী বাই-ভনীয়ে একেলগে পঢ়িব লগীয়া হৈছিল ৷ সকলো ধৰণৰ কাম-কাজত সহায় কৰাৰ সমানে অধ্যয়নকাৰ্যও চলাই যোৱা মানসীয়ে পঢ়াৰ বাবে পোৱা নাছিল প্ৰয়োজনীয় সা-সুবিধা ৷ আনকি অধ্যয়নৰ বাবে নাছিল নিজা কিতাপ পত্ৰ ৷ বৰদোৱা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কিতাপ পত্ৰ যোগাৰ ধৰি পঢ়াইছিল মানসীক ৷ এনেদৰেই পঢ়ি মানসীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত 90 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান মানসীৰ ফলাফলত পৰিয়ালটোৰ ওপৰত যেন শৰগ ভাগি পৰিছে ৷ কিয়নো উচ্চ শিক্ষা আহৰণৰ ক্ষেত্ৰত আৰ্থিক ভাৱে দুৰ্বল মানসীৰ খেতিয়ক দেউতাক সক্ষম নহয় ৷ দৰিদ্ৰতাই এতিয়া হেঙাৰৰূপে থিয় দিছে পৰিয়ালটোৰ সন্মুখত ৷ সেয়ে বটদ্ৰৱাবাসী ৰাইজৰ লগতে বৰদোৱা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে , মানসীৰ উচ্চ শিক্ষা গ্ৰহণত সহায় সহযোগিতা আগবঢ়াবলৈ কোনো সুহৃদয়বান ব্যক্তি তথা চৰকাৰলৈ আহ্বান জনায় ৷

দৰিদ্ৰতাই কোঙা কৰিব নোৱাৰা বটদ্ৰৱাৰ মানসী বৰুৱা

ABOUT THE AUTHOR

...view details