নগাঁও, 18 জুন : মৰিকলং থানাৰ আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগাইছিল ৷ ইয়াৰ পিচতে জোনমণি ৰাভাৰ মৃত্যুক স্বাভাৱিক দুৰ্ঘটনা বুলি মানি লোৱা নাছিল পৰিয়ালৰ লোকে ৷ সামাজিক মাধ্যমত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা তদন্ত কৰিবলৈ ইটোৰ সিটো পোষ্টে ব্যাপক চৰ্চা লাভ কৰিছিল ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম অৱস্থাত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ চি আই ডিক নিৰ্দেশনা দিছিল ৷ চি আই ডিৰ আওতাত জেৰাৰ সন্মুখীন হৈছিল আৰক্ষী বিষয়াৰ লগতে প্ৰত্যক্ষদৰ্শীলৈ ৷ কিন্তু এই তদন্ততো সন্তুষ্ট হোৱা নাছিল জোনমণিৰ পৰিয়ালৰ লগতে ৰাজ্যবাসী ৷ ৰাইজৰ দাবী অনুসৰি শেহতীয়াকৈ ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBI ক অৰ্পণ কৰে ৷
সম্প্ৰতি আৰক্ষী এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে তদন্ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে । দেওবাৰে চিবিআইৰ জেৰাৰ বাবে উপস্থিত হয় ইন্সপেক্টৰ মনোজ ৰাজবংশী, আভাজ্যোতি ৰাভা আৰু ৰাজা ইৰ্শ্বাদ ৷
এগৰাকী সুদক্ষ আৰু কঠোৰ আৰক্ষী বিষয়া হিচাপে দেশজুৰি পৰিচিত চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত যোৱা বৃহস্পতিবাৰেই নগাঁৱত উপস্থিত হোৱা চি বি আইৰ দলটোৱে তীব্ৰতৰ কৰি তুলিছে তদন্ত প্ৰক্ৰিয়া । এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ লগতে মুঠ চাৰিটা গোচৰৰ তদন্ত আৰম্ভ কৰিছে চি বি আইয়ে । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তকাৰী চি বি আইৰ দলটোত আছে আন এগৰাকী সুদক্ষ বিষয়া মনিন্দৰ সিং।