অসম

assam

ETV Bharat / state

MP Kamakhya P. Tasa at Kaliabor: APCC ৰ সভাপতি ভূপেন বৰাক উভতি ধৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই - Cong leader Bhupen borah

অগ্নিগৰ্ভা মণিপুৰক অসমত ৰাজনৈতিক দলৰ নেতাৰ মাজত চলিছে বাকযুদ্ধ ৷ ‘মণিপুৰখন ভূপেন বৰাই ভালকৈ চিনি পায় নে নাই সন্দেহ আছে ৷ অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতিক লৈ ৰাজনীতি কৰা উচিত নহয় ৷’ APCC ৰ সভাপতি ভূপেন বৰাক উভতি ধৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

Manipur violence update
APCC ৰ সভাপতি ভূপেন বৰাক উভতি ধৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

By

Published : Jun 21, 2023, 4:49 PM IST

APCC ৰ সভাপতি ভূপেন বৰাক উভতি ধৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

কলিয়াবৰ,21 জুন:মণিপুৰক লৈ কোনে কৰিছে ৰাজনীতি ! কংগ্ৰেছ নে বিজেপিয়ে ! 50 দিনৰো অধিক হ’ল, তথাপিও শান্তি ঘুৰি অহা নাই মণিপুৰত ৷ জ্বলিয়ে আছে মণিপুৰ ৷ অগ্নিগৰ্ভা মণিপুৰৰক লৈ ৰাজ্যখনৰ বিৰোধী দলৰ নেতাই সাক্ষাৎ কৰিব বিছাৰিল প্ৰধানমন্ত্ৰীক ৷ প্ৰধানমন্ত্ৰীয়ে আষ্টলক্ষ্মী আখ্যা দিয়া মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰিবলৈ যোৱা বিৰোধী দলৰ নেতাক কোনো গুৰুত্বই নিদিলে প্ৰধানমন্ত্ৰীয়ে ৷ সেয়ে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইকৰাম ইববি সিঙে প্ৰশ্ন কৰিছিল ‘‘ মণিপুৰ ভাৰতৰ অংগ হয় নে নহয় ’’ ৷

মণিপুৰক লৈ এতিয়া অসমত ৰাজনৈতিক দলৰ নেতাৰ মাজত বাকযুদ্ধ চলিছে ৷

‘মণিপুৰখন ভূপেন বৰাই ভালকৈ চিনি পায় নে নাই সন্দেহ আছে ৷ অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতিক লৈ ৰাজনীতি কৰা উচিত নহয় । এটা ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতি হৈ ভূপেন বৰাই সস্তীয়া মন্তব্য কৰা উচিত নহয় ৷ মণিপুৰ যদি অগ্নিগৰ্ভা হয় তেতিয়া হ’লে অসমৰ বাবেও অসুবিধা ৷ মণিপুৰ যদি অগ্নিগৰ্ভা হয় বিজেপিৰ কি লাভ হ’ব ! আমাৰ কেন্দ্ৰীয় নেতাই সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি আছে ৷ ’ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷

কলিয়াবৰত এই মন্তব্য ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ । ইফালে চাহ বাগিছাৰ শৈক্ষিক ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ভাল পদক্ষেপ লৈছে । নতুনকৈ ১৯ খন বিদ্যালয়ৰ স্থাপনেৰে চাহ বাগিছাৰ শিক্ষাৰ্থীৰ শৈক্ষিক ক্ষেত্ৰত উত্তৰণৰ সৃষ্টি কৰিব । সেই বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিব লাগে সকলোৱে ৷ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । বুধবাৰে চাহ শ্ৰমিকৰ কল্যাণৰ বাবে কলিয়াবৰ হাটবৰত অনুষ্ঠিত সজাগতা সভাত উপস্থিত হৈছিল ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ।

অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ দ্বাৰা ৰূপায়িত হোৱা বিভিন্ন কল্যাণমূলক আঁচনিৰ সম্পৰ্কত অনুষ্ঠিত সভাত চাহ শ্ৰমিকৰ উন্নয়ণৰ দিশত পৰ্যালোচনা কৰে ।

লগতে পঢ়ক:Pakistani Refugee Given Indian Citizenship : ৰাজস্থানত ৩ পাকিস্তানী শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান

ABOUT THE AUTHOR

...view details