চামগুৰি,7 জানুৱাৰী:বিগত সময়ছোৱাত ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে হাতী-মানুহৰ সংঘাত ৷ গোলাঘাট, নগাঁও, শোণিতপুৰৰ ৰঙাপৰা, সোণাৰি, বিশ্বনাথ, গোৱালপাৰা আদিত এই সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷ বিদায়ী বৰ্ষটোত হাতী-মানুহৰ সংঘাতত প্ৰাণ হেৰুৱাইছে 87 গৰাকী লোকে ৷ অন্যান্য বছৰৰ তুলনাত 2019 বৰ্ষত হাতী-মানুহৰ সংঘাতে চূড়ান্ত পৰ্যায় পোৱা দেখা যায় ৷ এই সংঘাতৰ ফলত কেৱল মাত্ৰ মানুহৰে নহয় বন্যহস্তীৰো মৃত্যু ঘটে ৷
চামগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত - বনৰীয়া হাতী
নগাঁৱৰ চামগুৰিত উপদ্ৰৱ চলাই সা-সম্পত্তিৰ ক্ষতিসাধন কৰে বনৰীয়া হাতীয়ে ৷ হাতীৰ আক্ৰমণৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে শিশুসহ দিগন্ত বৰাৰ পৰিয়ালৰ ৷
বনৰীয়া হাতীৰ উপদ্ৰৱ
শেহতীয়াভাৱে নগাঁৱৰ চামগুৰিত উপদ্ৰৱ চলাই সা-সম্পত্তিৰ ক্ষতিসাধন কৰে বনৰীয়া হাতীয়ে ৷ জানিব পৰা মতে, বুধবাৰে নিশা চামগুৰিৰ ভৰাগুৰিত বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি ভাঙি পেলাই দুটাকৈ বাসগৃহ ৷ হাতীৰ আক্ৰমণৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে শিশুসহ দিগন্ত বৰাৰ পৰিয়ালৰ ৷ অঞ্চলটোত সম্প্ৰতি হাতীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷
লগতে চাওকঃজামিন নাপালে অখিল গগৈয়ে