অসম

assam

ETV Bharat / state

হোজাইত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ - হোজাই

কৰ'ণাৰ সমান্তৰালকৈ বন্যহস্তীৰ ত্ৰাসে আতংকিত কৰিছে হোজাইৰ কেইবাটাও অঞ্চলৰ লোকক । মঙলবাৰে নিশা বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰে ৰাইকাটা কছাৰীগাঁও, কোমোৰাকতা, চন্দনপুৰ আদি অঞ্চলত ।

man elephant conflict in hojai
man elephant conflict in hojai

By

Published : May 13, 2020, 12:33 PM IST

নগাঁও, 13 মে':মঙলবাৰে নিশা বন্যহস্তীয়ে তাণ্ডৱ চলালে স্বয়ং বনকৰ্মীৰ বাসগৃহত । এই ঘটনা সংঘটিত হয় হোজাইৰ কেইবাটাও অঞ্চলত । বিগত বহু দিন পৰাই প্ৰায়ে হোজাইৰ দাঁতিকাষৰীয়া অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে । মঙলবাৰে নিশা ৰাইকাটা কছাৰীগাঁও, কোমোৰাকতা, চন্দনপুৰ আদি অঞ্চলত তাণ্ডৱ চলাই কেইবাটাও গৃহৰ ক্ষতিসাধন কৰে ।

হোজাইত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

বন্যহস্তীয়ে নিশা প্ৰায় 12মান বজাত দিগন্ত নাথ নামৰ বনকৰ্মী গৰাকীৰ বাহন ৰখা গৃহৰ দেৱাল ভাঙি দিয়াত, ভিতৰত থকা বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয় । আনহাতে বনকৰ্মীৰ গৃহত তাণ্ডৱ চলোৱাৰ পিচত কোমোৰাকাটাৰ বিমল ফুৰা, চনাছিং আৰু আনন্দ ফুৰা নামৰ লোক কেইজনৰ ঘৰতো তাণ্ডৱ চলাই আংশিক ক্ষতি কৰে বন্যহস্তীয়ে । উল্লেখ যে, ওৰে ৰাতি বনবিভাগৰ লোকে পহৰা দিয়াৰ পিচতো, বন্যহস্তীৰ তাণ্ডৱৰ পৰা ৰক্ষা কৰিব পৰা নাই অঞ্চলবাসীক । যিয়ে সম্প্ৰতি শংকিত কৰি তুলিছে স্থানীয় ৰাইজক ।

লগতে পঢ়কঃচাউলত প্ৰয়াত অভিনেতাৰ ছবি অংকন কৰি শ্ৰদ্ধা জ্ঞাপন মনজিৎ কাশ্যপৰ

ABOUT THE AUTHOR

...view details