নগাঁৱৰ কঠিয়াতলীত বন্যহস্তীৰ সন্ত্ৰাস - nagaon
জাকৰ পৰা বিচিন্ন হোৱা এটা বন্যহস্তীয়ে ১৫/২০ দিন ধৰি কছাৰী গাঁও,গাৰো গাঁও, ৰেংবেঙকে ধৰি বৃহৎ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বিনিদ্ৰ ৰজনী পাৰ কৰিছে অঞ্চলবাসীয়ে ৷
নগাঁৱৰ কঠিয়াতলীত বন্যহস্তীৰ সন্ত্ৰাস
নগাঁও,২০ জুনঃ ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। নগাঁৱৰ কঠিয়াতলীত বন্যহস্তীয়ে সৃষ্টি কৰিলে সন্ত্ৰাসৰ ৷ ফলত বুধবাৰে নিশা হাতী খেদিবলৈ বন বিভাগৰ স'তে ওলাই আহিল স্থানীয় লোক ৷ জাকৰ পৰা বিচিন্ন হোৱা এটা বন্যহস্তীয়ে ১৫/২০ দিন ধৰি কছাৰী গাঁও,গাৰো গাঁও, ৰেংবেঙকে ধৰি বৃহৎ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বিনিদ্ৰ ৰজনী পাৰ কৰিছে অঞ্চলবাসীয়ে ৷ ওৰে নিশা হাতী খেদাত বন বিভাগ আৰু ৰাইজ ব্যস্ত থকাৰ বাবে কোনো ক্ষতি কৰিব নোৱাৰিলে হাতীয়ে ৷