অসম

assam

ETV Bharat / state

বঢ়মপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন - বঢ়মপুৰত বন্যহস্তীৰ আক্ৰমণ

বঢ়মপুৰত নিজ গৃহৰ চোতালতে হাতীয়ে গছকি প্ৰাণ ল'লে অমল গগৈ নামৰ লোক এজনৰ ৷ বনবিভাগৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

Man elephant conflict
বন্যহস্তীৰ আক্ৰমণত নিহত এজন

By

Published : Jan 12, 2020, 1:38 PM IST

বঢ়মপুৰ, 12 জানুৱাৰীঃনগাঁও জিলাৰ বঢ়মপুৰত হাতী মানুহৰ সংঘাতে ল'লে ভয়ংকৰ ৰূপ ৷ শনিবাৰে নিশা বঢ়মপুৰৰ বৰবাৰি আমতলত হাতীৰ আক্ৰমণত এজন লোক নিহত হয় ৷ নিশা হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত বঢ়মপুৰৰ বৰবাৰি গাঁৱত প্ৰৱেশ কৰিছিল ৷

বন্যহস্তীৰ আক্ৰমণত নিহত এজন

তেনে সময়তে নিজ গৃহৰ চোতালতে বনৰীয়া হাতীয়ে অমল গগৈ নামৰ লোক এজনক গছকি প্ৰাণ লয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ গাঁওবাসীয়ে জনোৱা অনুসৰি বন বিভাগে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা প্ৰায় 100-150 জনীয়া বৃহৎ হাতীৰ জাক এটা কামপুৰৰ পৰা খেদি আনিছিল ৷ তেনে সময়তে হাতীটোৱে উক্ত গাঁৱখনত প্ৰৱেশ কৰে আৰু এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ গাঁৱবাসীৰ অভিযোগ অনুসৰি বন বিভাগে এই বিষয়ে আগতীয়াকৈ সতৰ্ক কৰি নিদিয়াৰ ফলত হাতীৰ গছকত অমল গগৈয়ে প্ৰাণ হেৰুৱাব লগীয়া হয় ৷ বৰ্তমানেও বনবিভাগৰ কোনো সঁহাৰি নোপোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

লগতে পঢ়ক - মহাৰাষ্ট্ৰৰ পালঘৰত কেমিকেল ফেক্টৰীত বিস্ফোৰণঃ 5 জন নিহত

ABOUT THE AUTHOR

...view details