অসম

assam

ETV Bharat / state

ধিঙৰ সোণাৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু - ধিং আৰক্ষী

ৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল এজনৰ ৷ মৃত্যু হোৱা লোকজন ধিঙৰ সোণাৰিগাঁৱৰ নুৰ ইছলাম ৷

man-dies-of-electric-shock
ধিঙৰ সোনাৰিগাঁৱত বিদ্যুৎ স্পৃষ্ট হৈ এজনৰ মৃত্যু

By

Published : May 25, 2021, 2:31 PM IST

ধিং,25 মে’:ধিঙৰ সোণাৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল এজন লোকৰ । মৃত লোকজন সোণাৰি গাঁৱৰ নুৰ ইছলাম বুলি জানিব পৰা গৈছে । ইছলামে পুৱা গাঁৱৰ পথাৰত ধান কাটিবলৈ যোৱা অৱস্থাত সংঘটিত হয় এই অবাঞ্চিত ঘটনা । উল্লেখ্য যে ,গাঁৱখনৰ পথাৰৰ সমীপৰে এঘৰ লোকৰ ব্ৰইলাৰ ফাৰ্মৰ চাৰিওফালে অবৈধভাৱে ৰখা বিদ্যুতৰ তাঁৰত লাগি থিতাতে নিহত হয় নুৰ ইছলাম নামৰ যুৱকজন ।

ধিঙৰ সোণাৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

সম্প্ৰতি, এই ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত । ইতিমধ্যে ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰিছে ।

অৱশ্যে, ঘটনাৰ কাৰণ সন্দৰ্ভত ধিং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ৰাজ্যত বছৰ বছৰ ধৰি চলি থকা বিদ্যুৎ চুৰি কাৰ্যই এনেদৰে নিৰীহ লোকৰ প্ৰাণহানি কৰাৰ ঘটনাই সম্প্ৰতি বিদ্যুৎ বিভাগৰ বিফলতাকে উদঙাই দিছে বুলিও সচেতন মহলে উত্থাপন কৰিছে অভিযোগ ৷

লগতে পঢ়ক :অন্ধকাৰৰ সুযোগ গ্ৰহণ দুৰ্বৃত্তৰ: কাটি তহিলং কৰিলে গছ

ABOUT THE AUTHOR

...view details