নগাঁও, 14 মাৰ্চ:পকী দলঙৰ খুঁটা নিৰ্মাণৰ বাবে খান্দি থোৱা গাঁতত পৰি নগাঁৱত এগৰাকী মটৰচাইকেল আৰোহীয়ে কৰুণভাৱে মৃত্যুক সাৱটি ল'ব লগীয়া হোৱাৰ এক ঘটনাই অঞ্চলটোৰ ৰাইজক শোকস্তব্ধ কৰি তুলিছে ৷ নগাঁৱৰ ASTC বাছ আস্থানৰ সমীপৰ কলঙৰ ওপৰত নিৰ্মাণৰত পকী দলঙত পৰি লোকজনে মৃত্যুক আঁকোৱালি লয় ৷
নিশাৰ আন্ধাৰত গাঁতত পৰি লোকজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ৷ মৃত লোকজনক নয়ন কুমাৰ গোস্বামী বুলি চিনাক্ত কৰা হৈছে ৷ জানিব পৰা মতে শিৱসাগৰৰ নিবাসী মৃত গোস্ৱামী নগাঁও চহৰৰ শিৱনগৰত ভাড়াতীয়া হিছাপে আছিল ৷ ঘটনাৰ বিৱৰণী অনুসৰি, পুৱাৰ ভাগত দলঙৰ গাঁতত মটৰচাইকেল সহ এজন মানুহ পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে গাঁতটোৰ পৰা মৃত গোস্ৱামীৰ লগতে AS 02C-2732 নম্বৰৰ মটৰচাইকেল খন উদ্ধাৰ কৰে ৷