অসম

assam

Forging documents at kampur: মৃত ব্যক্তিৰ মাটি জালিয়াতিৰে ক্ৰয় কৰি লক্ আপত সোমাল এজন

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 1:44 PM IST

Updated : Sep 4, 2023, 1:52 PM IST

সাৱধান ৷ আপোনাৰ অজ্ঞাতে প্ৰৱঞ্চকে জালিয়াতি কৰি বিক্ৰী কৰিব পাৰে আপোনাৰ মাটিখিনি ৷ এনে নাভূত নাশ্ৰুত ঘটনা এইবাৰ সংঘটিত হৈছে কামপুৰত ৷ ইতিমধ্যে ঘটনাৰ লগত জড়িত এটা অভিযুক্ত ইতিমধ্যে আৰক্ষীৰ জালতো পৰিছে ৷

Man arrested on charges of forging documents at Kampur
কামপুৰত মাটি জালিয়াতি

কামপুৰত মাটি জালিয়াতি

বঢ়মপুৰ, 4 ছেপ্টেম্বৰ :কামপুৰত জালিয়াতিৰে মৃত লোকৰ নামত থকা মাটি ক্ৰয় কৰি আৰক্ষী জালত পৰিছে প্ৰৱঞ্চক ৷ যিসময়ত বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দালাল মুক্ত কৰাৰ কথা কৈ আহিছে, তেনে সময়তে কামপুৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ত সংঘটিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা । প্ৰবঞ্চনা আৰু জালিয়াতিৰে মৃত ব্যক্তিৰ নামত থকা মাটি বিক্ৰী কৰে এটি চক্ৰই ।

উল্লেখ্য যে, কামপুৰৰ পাচনীজাৰৰ কৃষ্ণ লস্কৰ নামৰ এজন লোকে নিজৰ লগতে নৃপেন হাজৰিকা, পদুম শৰ্মা, বেবী গোঁহাই আৰু পদ্মকান্ত শইকীয়া নামৰ কেইবাজনো লোকৰ নামত কামপুৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা ভুৱা চহীৰে জালিয়াতিৰ জৰিয়তে মাটি ক্ৰয়-বিক্ৰী কৰিছিল ৷ লগতে মাজৰআটি কিচামত থকা প্ৰভাত গোস্বামী নামৰ ব্যক্তিগৰাকীৰ 334, 316 দাগৰ আৰু আৰু 207, 413 ম্যাদী পট্টাৰ মাটি গৰাকীয়ে নজনাকৈয়ে বিক্ৰীও কৰিছিল ।

তাৎপৰ্যপূৰ্ণ বিষয় যে, মাটিৰ প্ৰকৃত মালিক প্ৰভাত গোস্বামী 2019 বৰ্ষৰ ফেব্ৰুৱাৰীত মৃত্যু হয় ৷ কিন্তু মাৰ্চ মাহত অভিযুক্ত কৃষ্ণ লস্কৰে মাটি বিক্ৰীৰ অনুমতি উলিয়াই বিক্ৰী কৰে মাটিসমূহ । ইপিনে প্ৰভাত গোস্বামীৰ পুত্ৰ কেইগৰাকীয়ে কামপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত তেওঁলোকৰ মাটি সংক্ৰান্তীয় কাম কাজত আহি দেউতাকৰ নামত থকা মাজৰআটি কিচামৰ মাটিখিনি বিক্ৰী হোৱা বুলি জানিবলৈ পাই হতচকিত হৈ পৰে ।

নথি-পত্ৰত উল্লেখ থকা অনুসৰি, মাটিখিনি নৃপেন হাজৰিকা, পদ্মকান্ত শইকীয়া, পদুম শৰ্মা আৰু বেবী গোহাঁইক বিক্ৰী কৰে অভিযুক্ত কৃষ্ণ লস্কৰে । ইফালে বিবদমান এলেকাটোত অভিযুক্ত নৃপেন হাজৰিকাই এটা পকী ঘৰ নিৰ্মাণৰ কামো ইতিমধ্যে আৰম্ভ কৰিছে ।

পিচত এই সম্পৰ্কত মৃত প্ৰভাত গোস্বামীৰ পুত্ৰ দিগন্ত গোস্বামীয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ওচৰত বিষয়টো তদন্তৰ বাবে অভিযোগ দাখিল কৰে । এই অভিযোগৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰি মাটি ক্ৰয় কৰোতা নৃপেন হাজৰিকাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

আনহাতে, উক্ত ঘটনাটোৰ অন্যতম দুই অভিযুক্ত কৃষ্ণ লস্কৰ আৰু ৰামকৃষ্ণ শইকীয়াই ইতিমধ্যে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ 127/23 U/S 120(B)/420/468/471 নম্বৰত এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

ইফালে কামপুৰৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত সংঘটিত এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাকে ধৰি কামপুৰৰ বিভিন্ন দল সংগঠনে ৷

লগতে পঢ়ক :Suspected death: গৰাকী বিহীন ঘৰত যুৱতীৰ মৃতদেহ; চাৰি যুৱকৰ সৈতে আহিছিল ঘৰটোলৈ...

Last Updated : Sep 4, 2023, 1:52 PM IST

ABOUT THE AUTHOR

...view details