নগাঁও, 8 মাৰ্চ: নগাঁৱৰ কুখ্যাত সুদখোৰ ইমৰান হুছেইন ওৰফে ইৰান পুনৰ জালত পৰিছে নগাঁও আৰক্ষীৰ(Iran under police custody) । নগাঁও চহৰৰ এটা পৰিয়ালক ভয় ভাবুকিৰে সম্পত্তি দখলৰ চেষ্টা চলোৱাৰ অভিযোগ ইৰানৰ বিৰুদ্ধে (Illegal acquisition of property creating fear) । চহৰখনৰ এটা পৰিয়ালৰ বাসগৃহত অনাধিকাৰ প্ৰৱেশ কৰি পৰিয়ালক ভয় ভাবুকিৰে ভীতিগ্ৰস্ত কৰাত পৰিয়ালটোৱে কাষ চাপে নগাঁও আৰক্ষীৰ ।
এই সন্দৰ্ভত পৰিয়ালটোৱে দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ আছিল এটা গোচৰ । ৩২৫৫/২১ নম্বৰত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত সোমবাৰে নিশা নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সুদখোৰ ইমৰান হুছেইন ওৰফে ইৰানক । সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা ইৰানক জেৰা চলোৱাৰ অন্তত মঙলবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নগাঁও আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি সুদখোৰ ইৰানে নগাঁৱৰ বহু পৰিয়ালক টকা সুদত দিয়াৰ নামত ঘৰ মাটি বেদখল কৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এইজন ইমৰান হুছেইন ওৰফে ইৰানে ।