অসম

assam

ETV Bharat / state

উগ্ৰপন্থীৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত এজন - শ্যামল তিৰ্কী

একেখন গাঁৱৰে এগৰাকী মহিলাৰ পৰা উগ্ৰপন্থী সংগঠনৰ নামত ধনদাবী কৰিছিল শ্যামল তিৰ্কী নামৰ লোকজনে ৷ কিছুদিন পূৰ্বে মহিলাগৰাকী লৈ অচিনাকী নম্বৰ এটাৰ পৰা ফোন আহিছিল আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত মহিলা গৰাকীক পঞ্চাছ হাজাৰ টকা আদায় দিবলৈ কোৱা হৈছিল ।

nagaon
শ্যামল তিৰ্কী

By

Published : Nov 30, 2019, 5:28 PM IST

নগাঁও, 30 নৱেম্বৰঃনগাঁৱত উগ্ৰপন্থী সংগঠনৰ নাম লৈ ধন দাবী কৰি চামগুৰি আৰক্ষীৰ জালত পৰে এজন লোক ৷ ধৃত লোকজন চামগুৰিৰ বৰদলৰ শ্যামল তিৰ্কী বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত শ্যামলে একেখন গাঁৱৰে এগৰাকী মহিলাক ধন দাবী কৰিছিল বুলি মহিলা গৰাকীয়ে অভিযোগ কৰে ৷ তেওঁৰ অভিযোগ অনুসৰি কিছুদিন পূৰ্বে তেওঁলৈ অচিনাকী নম্বৰ এটাৰ পৰা ফোন আহিছিল আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত মহিলা গৰাকীক পঞ্চাছ হাজাৰ টকা আদায় দিবলৈ কোৱা হৈছিল ।

উগ্ৰপন্থীৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত এজন

ইপিনে স্বামী বহিঃৰাজ্যত চাকৰি কৰি থকাৰ সময়ত এনে ধন দাবীৰ ফোন অহাৰ বাবে মহিলাগৰাকী আতংকিত হৈ পৰে ৷ এই সন্দৰ্ভত মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে অনুসন্ধান চলাই সমগ্ৰ ঘটনা পোহৰলৈ আনে। আৰু ততাতৈয়াকৈ ঘটনাৰ অভিযুক্ত শ্যামল তিৰ্কীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়কঃএন আৰ চিৰ নামত ধন সংগ্ৰহ কৰি আটত তিনিজন

ABOUT THE AUTHOR

...view details