অসম

assam

ETV Bharat / state

কিমান স্বাস্থ্যসন্মত পৰিৱেশত প্ৰস্তুত হয় আপোনাৰ পুৱাৰ আহাৰ ? - খাদ্য সুৰক্ষা বিভাগে

অতিমাত্ৰা লেতেৰা পৰিৱেশত প্ৰস্তুত হয় ব্ৰেড, বিস্কুট । ভিতৰৰ পৰিৱেশ দেখিলে ঘৃণাত নাক কোঁচ খাব সকলোৰে । সাংবাদিকৰ ষ্টিং অপাৰেচনত ধৰা পৰিছে নগাঁৱৰ এটা বেকাৰী ফেক্টৰীৰ চৰম অস্বাস্থ্যকৰ পৰিৱেশ (Unhygienic surrounding of Bakery in Nagaon)।

Unhygenic surrounding of Bakery in Nagaon
কিমান স্বাস্থ্যসন্মত পৰিৱেশত প্ৰস্তুত হয় আপোনাৰ পুৱাৰ আহাৰ?

By

Published : Jun 10, 2022, 7:22 PM IST

নগাঁও, 10 জুন: নগাঁৱৰ একাংশ বেকাৰীত অতিমাত্ৰা লেতেৰা পৰিৱেশত প্ৰস্তুত হয় ব্ৰেড, বিস্কুট । ভিতৰৰ পৰিৱেশ দেখিলে ঘৃণাত নাক কোঁচ খাব সকলোৰে । সাংবাদিকৰ ষ্টিং অপাৰেচনত ধৰা পৰিছে নগাঁৱৰ এটা বেকাৰী ফেক্টৰীৰ চৰম অস্বাস্থ্যকৰ পৰিৱেশ ।

নগাঁৱৰ একাংশ বেকাৰীত চৰম অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা হয় চাহৰ সৈতে খোৱা খাদ্য সামগ্ৰী (Unhygienic surrounding of Bakery in Nagaon)। নগাঁও চহৰৰ কেঁচাআলিস্থিত সুৰুজ বেকাৰীৰ(Suruj Bakery Nagaon) ভিতৰৰ পৰিৱেশ দেখিলে বিস্কুট খোৱাৰ পূৰ্বে এশবাৰ ভাবিব লাগিব সকলোৱে । বেকাৰীটোৰ ভিতৰত প্ৰস্তুত কৰা ব্ৰেড, কেক অথবা বনৰ ওপৰত বগাই ফুৰিছে পঁইতোচোৰা । এই ব্ৰেড, বিস্কুট প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰা হয় অতি লেতেৰা বাল্টি । যি বাল্টিতে কণী ভাঙি কেক বনাবলৈ ময়দাৰ লগত মিহলোৱা হয় ।

কিমান স্বাস্থ্যসন্মত পৰিৱেশত প্ৰস্তুত হয় আপোনাৰ পুৱাৰ আহাৰ?

আনহাতে ফেক্টৰীৰ ভিতৰতে গুটখা খাই পিক পেলায় শ্ৰমিকে । সেই ঠাইতে ৰখা হয় বেকাৰীত নতুনকৈ প্ৰস্তুত হোৱা খাদ্য সামগ্ৰী । অৱশ্যে সংবাদ মাধ্যমৰ কেমেৰা দেখি তৎ হেৰুওৱা বেকাৰীৰ মালিকে ক'লে "সদায় চাফা কৰিয়ে থাকো আজিহে লেতেৰা হৈ আছে"।

জনতাৰ স্বাস্থ্যসন্মত খাদ্যৰ নিশ্চিতিৰ বাবে থকা ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে অৱশ্যে এইসমূহ দিশ পৰ্য্যবেক্ষণ কৰাৰ বাবে আহৰি নাপায় । কিন্তু এনে অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত হোৱা ব্ৰেড ব্ৰেকফাষ্টত গ্ৰহণ কৰি নিতৌ ন-ন ৰোগত আক্ৰান্ত হৈছে ৰাজ্যৰ জনসাধাৰণ । এতিয়া প্ৰশ্ন হয় এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছত পুৱাৰ চাহ কাপৰ লগত আপুনি বাৰু ব্ৰেড-বাটাৰৰ সোৱাদ ল'বনে ?

লগতে পঢ়ক:Kaziranga National Park: নিয়ম উলংঘা কৰিলেই আপুনি ভৰিব লাগিব পাঁচ হাজাৰ টকা

ABOUT THE AUTHOR

...view details