নগাঁও, ২৭ মে’:এছ আই জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বদলি হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষককে ধৰি অতিৰিক্ত আৰক্ষী অধীক্ষক (Major Reshuffle In Nagaon Police) । নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ বদলিৰ পিচত জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈয়েই নগাঁৱৰ কেইবাগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলিৰ নিৰ্দেশ দিয়ে নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক নৱনীত মহন্তই । শুকুৰবাৰে এক নিৰ্দেশযোগে নগাঁৱৰ পৰিদৰ্শক পৰ্যায়ৰ পাঁচগৰাকীকৈ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰে আৰক্ষী অধীক্ষক নৱনীত মহন্তই (SP Nabaneet Mahanta) ।
প্ৰাপ্ত তথ্য মতে, এক নিৰ্দেশনা অনুসৰি নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম সিঙক । একেদৰে ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত কুমাৰ ৰয়ক কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে । একেটা নিৰ্দেশতে বটদ্ৰৱাৰ চক্ৰ পৰিদৰ্শক অসীম বৰাক বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হয় । আৰক্ষী পৰিদৰ্শক বলৰাম তেৰাঙক ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হয় । এই নিৰ্দেশনা অনুযায়ী আৰক্ষী পৰিদৰ্শক জেকচন মুচাহাৰীক ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হয় ।