অসম

assam

ETV Bharat / state

Shahid Diwas 2023: মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত নগাঁৱতো শ্বহীদ দিৱস পালন - গান্ধীৰ মৃত্যু বাৰ্ষিকীত শ্বহীদ দিৱস পালন

দেশৰ লগতে অসমৰ নগাঁও জিলাতো জিলা প্ৰশাসনৰ দ্বাৰা মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত শ্বহীদ দিৱস পালন (Shahid Diwas 2023) ।

Mahatma Gandhi death anniversary observed in Nagaon
নগাঁৱতো শ্বহীদ দিৱস পালন

By

Published : Jan 31, 2023, 10:43 AM IST

নগাঁও, 31 জানুৱাৰী: জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত তেখেতক স্মৰণ কৰি 30 জানুৱাৰীৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয় (Shaheed Diwas 2023)। দেশৰ বাকী অংশৰ লগতে নগাঁও জিলাতো জিলা প্ৰশাসনে মহামানৱ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । জিলা প্ৰশাসনৰ হৈ জিলা অতিৰিক্ত উপায়ুক্ত দেবহুতি বৰাই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান কৰি তেখেতক স্মৰণ কৰে (Mohandas Karamchand Gandhi) ।

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি পবিত্ৰ দিনটোত বীৰ শ্বহীদসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি দিনৰ ১১-০০ বজাৰ পৰা দুই মিনিট সময়ৰ বাবে জনসাধাৰণে মৌনতা অৱলম্বন কৰে । এই মৌনতা অৱলম্বনৰ সময়ৰ নিৰ্দেশ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ চহৰখনত সংস্থাপন কৰা স্থিৰ অনুভাষ যন্ত্ৰৰ দ্বাৰা সংকেত প্ৰদান কৰা হয় (Gandhi death anniversary observed in Nagaon) ।

নগাঁৱতো শ্বহীদ দিৱস পালন

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, পৌৰ সভাৰ কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজা শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ, পৌৰ সভাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰাজেশ কুমাৰ দাসকে প্ৰমুখ্যে কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগতে নগাঁও পৌৰসভাৰ বিষয়া আৰু কৰ্মীসকল উপস্থিত থাকে ।

উল্লেখ্য যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত অন্যতম আছিল মোহনদাস কৰমচান্দ গান্ধী । ভাৰতকে ধৰি বিশ্বৰ ১৫ খন দেশত স্বাধীনতা সংগ্ৰামীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিনটোতে শ্বহীদ দিৱস পালন কৰা হয় ।

নগাঁৱতো শ্বহীদ দিৱস পালন

ভাৰতৰ স্বাধীনতা, গৌৰৱ, কল্যাণ আৰু প্ৰগতিৰ বাবে যুঁজ দিয়া শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ৩০ জানুৱাৰী আৰু ২৩ মাৰ্চত ভাৰতত শ্বহীদ দিৱস পালন কৰা হয় । জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰা হয় (Martyrs Day) ।

৩০ জানুৱাৰীত শ্বহীদ দিৱস পালন কৰা হয়

ভাৰতৰ স্বাধীনতাৰ ইতিহাসত আটাইতকৈ বিখ্যাত নামটোৱেই হ’ল মহাত্মা গান্ধী । তেখেতক ‘জাতিৰ পিতা’ বুলিও জনা যায় । ১৯৪৮ চনৰ ৩০ জানুৱাৰীত বিৰলা হাউচত জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰা হৈছিল । মহাত্মা গান্ধীৰ স্মৃতিত ভাৰতত প্ৰতি বছৰে ৩০ জানুৱাৰীৰ দিনটোত শ্বহীদ দিৱস পালন কৰা হয় ।

তেখেতক হত্যা কৰিছিল নাথুৰাম গডছেয়ে । গডছে গান্ধীজীক হত্যা কৰাৰ আগতে গান্ধীজীৰ ভৰি চুইছিল । গডছে গান্ধীৰ বুকু আৰু পেটত তিনিটা গুলী নিক্ষেপ কৰিছিল । কোৱা হয় যে গান্ধীজীৰ মুখৰ পৰা ওলোৱা শেষৰ তিনিটা শব্দ আছিল "হে ৰাম"। সেয়েহে ‘বাপু’ক শ্ৰদ্ধা জনাই প্ৰতি বছৰে ৩০ জানুৱাৰীত শ্বহীদ দিৱস পালন কৰা হয় ।

লগতে পঢ়ক:Mahatma Gandhi 75th death anniversary: গান্ধীজীৰ ৭৫ তম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details