নগাঁও, 8 জুনঃ অসমৰ নগাঁও জিলাত নিৰ্মাণ কৰা শিৱ লিংগ আকৃতিৰ মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে । পুৰণিগুদাম ভেৰভেৰিৰ নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কৰা এই মন্দিৰটো চলিত বৰ্ষৰ ডিচেম্বৰ মাহত আনুষ্ঠানিকভাৱে মুকলি কৰিব ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মোডীৰ লগতে থাকিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ।
ডিচেম্বৰত মোডীয়ে আনুষ্ঠানিক ভাৱে মুকলি কৰিব নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ - mahamrityunjay mandir inauguration update
নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰিৰ নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কৰা হৈছে এই মন্দিৰটো । 126 ফুট উচ্চতাৰ এই মন্দিৰটোৱেই হ'ব ভাৰতৰ ভিতৰত সৰ্ববৃহৎ শিৱ লিংগ আকৃতিৰ মন্দিৰ ।
নগাঁৱৰ মসমৃত্যুঞ্জয় মন্দিৰ
126 ফুট উচ্চতাৰ এই মন্দিৰটোৱেই হ'ব ভাৰতৰ ভিতৰত সৰ্ববৃহৎ শিৱ লিংগ আকৃতিৰ মন্দিৰ । উল্লেখ্য যে,লক ডাউনৰ পাচত সোমবাৰৰ পৰা খোল খাইছে ৰাজ্যৰ ধৰ্মীয় উপাসনাৰ স্থান সমূহ । সেই অনুসৰি ভক্ত সকলে পূজা-অৰ্চনা কৰিব পৰাকৈ মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰো মুকলি কৰা হৈছে ।
লগতে চাওকঃ অখিল গগৈৰ মুক্তিৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ