অসম

assam

ETV Bharat / state

দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হ'ল মাঘী পূৰ্ণিমা - বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰ

আজি মাঘী পূৰ্ণিমা উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিৰাজ কৰে এক আধ্যাত্মিক পৰিৱেশে ৷ ভক্তি ৰসৰ নিজৰা বোৱাই হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ ৷ কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰতো তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পবিত্ৰ মাঘী পূৰ্ণিমা উৎসৱ ৷ মাঘী পূৰ্ণিমা উপলক্ষে সৰ্থেবাৰীত প্ৰতি বছৰৰ দৰে এইবাৰো পালন কৰা হৈছে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ ৷

মাঘী পুুৰ্ণিমা
মাঘী পুুৰ্ণিমা

By

Published : Feb 9, 2020, 8:28 PM IST

বটদ্ৰৱা, 9 ফেব্ৰুৱাৰীঃমাঘী পুৰ্ণিমাৰ আধ্যাত্মিকতাৰে উদুলি মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ৷ ভক্তি ৰসৰ নিজৰা বোৱাই হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ ৷ আজিৰে পৰা এমাহৰ পিচতেই বটদ্ৰৱাত অনুষ্ঠিত হ'ব দৌল উৎসৱ ৷ আজি মাঘী পূৰ্ণিমা উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা ভক্তপ্ৰাণ ৰাইজৰ স্ৰোত বৈছে, গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱালৈ ৷ পুৱাৰে পৰা ঐতিহ্যমণ্ডিত দৌল মন্দিৰত নৈবদ্য আগবঢ়াই আশীষ লৈছে ভক্তপ্ৰাণ ৰাইজে ৷

মাঘী পুুৰ্ণিমা উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ স্ৰোত বৈছে গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱালৈ

কলিয়াবৰঃকলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰতো তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পবিত্ৰ মাঘী পূৰ্ণিমা উৎসৱ ৷ মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত ভক্তপ্ৰাণ ৰাইজৰ সমাগমেৰে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ-হাজাৰ ভক্তৰ আগমনে বৈকুণ্ঠধামত পৰিণত কৰিছে ভড়ালী নামঘৰ চৌহদ ৷ ভক্তি ৰসত বুৰ গৈছে ভক্তপ্ৰাণ ৰাইজ ৷

কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰতো তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পবিত্ৰ মাঘী পুৰ্ণিমা উৎসৱ

মাঘী পূৰ্ণিমা উপলক্ষে নামঘৰ প্ৰাঙ্গনৰ পৰা আৰম্ভ হোৱা ভাগৱত যাত্ৰাৰ সমাপ্তিৰ পিচতে উৎসৱ পত্ৰিকা "জিলিঙণি" উন্মোচন কৰে হাটবৰ কেন্দ্ৰীয় নাট্য সামাজৰ সম্পাদক তথা শিক্ষক মুৰুলী বৰাই ৷ ইয়াৰোপৰি এই মহিলাৰ দিহা নাম প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷

মাঘী পুৰ্ণিমা উপলক্ষে সৰ্থেবাৰীত প্ৰতি বছৰৰ দৰে এইবাৰো পালন কৰা হৈছে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ

সৰ্থেবাৰীঃমাঘী পুৰ্ণিমা উপলক্ষে সৰ্থেবাৰীত প্ৰতি বছৰৰ দৰে এইবাৰো পালন কৰা হৈছে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ ৷ 154 সংখ্যক এই ঐতিহাসিক সভা মহোৎসৱত আজি আয়োজন কৰা হয় এক হোম যজ্ঞৰ ৷ 108 গৰাকী বিজ্ঞ ব্ৰাহ্মণ পণ্ডিতে পুৰ্ণাহুতি প্ৰদান কৰিলে এই হোম যজ্ঞত ৷ এই সভা মহোৎসৱত হোম যজ্ঞৰ সমান্তৰালকৈ অনুষ্ঠিত কৰা হয় ভাগৱত পাঠ আৰু ৰাজহুৱা নাম প্ৰসঙ্গৰ লগতে এক বিশাল বাণিজ্য মেলা ৷

লগতে পঢ়ক ঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন কৰা হ'ল মহাবীৰ চিলাৰায় দিৱস

ABOUT THE AUTHOR

...view details