অসম

assam

ETV Bharat / state

ব্যতিক্ৰমী ভেলাঘৰেৰে ভোগালীক আদৰাৰ প্ৰস্তুতি জাজৰি শিমলুতলবাসীৰ

বিশ্ব শান্তিৰ বাবে 5 দিনীয়া অখণ্ড ভাগৱত পাঠৰ বাবে নগাঁও জিলাৰ জাজৰি শিমলুতল বাসীয়ে নিৰ্মাণ কৰি উলিয়ালে খেৰেৰে নিৰ্মিত নামঘৰ ৷ খেৰেৰে সাজি উলিয়াইছে মহাভাৰতৰ ৰণত কৃষ্ণাৰ্জুনে ব্যৱহাৰ কৰা কপিধ্বজ ৰথ ৷

magh bihu preparation at batadrava in nagaon
ভোগালীক আদৰিবলৈ সাজু শিমলুতলবাসী

By

Published : Jan 12, 2020, 8:35 PM IST


নগাঁও , 12 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদেৰে উত্তাল এই সাম্প্ৰতিক পৰিস্থিতিৰ মাজেৰেই চহা অসমীয়া সাজু হৈছে বাপতিসাহোন ভোগালীক আদৰিবলৈ ৷ ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ নগাঁও জিলাৰ জাজৰি শিমলুতল বাসীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ গাঁওখনৰ ডেকা সকলে ব্যতিক্ৰমী ৰূপেৰে সাজি উলিয়াইছে মেজি আৰু ভেলাঘৰ ৷

ভোগালীক আদৰিবলৈ সাজু শিমলুতলবাসী
মাতৃ ভূমিৰ পৰা যাতে অসূয়া-অপ্ৰীতি দূৰ হৈ শান্তি প্ৰতিষ্ঠা হয়, সেই কামনাৰে ভগৱানৰ আশীষ বিচাৰি মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কপিধ্বজ ৰথৰ আৰ্হিৰে গাঁওবাসীয়ে নিৰ্মাণ কৰিছে মেজি ঘৰ ৷ বিহুৰ দিনাৰে পৰাই 5 দিনীয়া কাৰ্যসূচীৰে গাঁওখনত অনুষ্ঠিত হ’ব অখণ্ড ভাগৱত পাঠ ৷ উল্লেখযোগ্য যে , অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ বাবে গাঁওবাসীয়ে বিহুৰ থলীতেই খেৰেৰ নিৰ্মাণ কৰি উলিয়াইছে নামঘৰ ৷ 8 ডিচেম্বৰতে লাইখুটা স্থাপন কৰি বিহুৰ প্ৰস্তুতি চলোৱা জাজৰি শিমলুতল বাসী উৎসাহেৰে সাজু হৈছে ব্যতিক্ৰমীভাৱে ভোগালী বিহু উদযাপনৰ বাবে ৷
ভোগালীক আদৰিবলৈ সাজু শিমলুতলবাসী

ABOUT THE AUTHOR

...view details