কলিয়াবৰ, 19 জানুৱাৰী: শিলঘাটত অৱস্থিত অসমৰ দ্বিতীয়খন শক্তিপীঠ কামাখ্যা দেৱালয় (Kamakhya Temple) ৷ এই দেৱালয়খন ১৬৬৭ শকত পুনৰ নিৰ্মাণ কৰিছিল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই (Pratap Singha)। ৭৪ বছৰৰ পাছত এই দেৱালয়ৰ পুৰোহিত তথা দেৱালয়ৰ লগত জড়িত পাইকসকলক স্বৰ্গদেৱে দেৱালয়ৰ নামনিত খৰা গড়ৰ কাষত বসবাসৰ সুবিধা কৰি দিছিল ৷ সেই অনুসৰি গাঁওখনৰ নাম পাছলৈ কামাখ্যা গাঁও বুলি পৰিচিত হ’ল ।
এই কামাখ্যা গাঁৱত তেতিয়াৰে পৰা মাঘ বিহুত হেৰালি ঘৰ নিৰ্মাণ কৰাৰ পৰম্পৰা চলি আহিছে (Magh Bihu 2023) ৷ এই পৰম্পৰাই এতিয়া অতিক্ৰম কৰিলে সুৰ্দীঘ ২০১ বছৰ । মাঘ বিহুৰ দিনা গঞা ৰাইজে খেৰ-নৰা বাঁহৰে সাজি উলিওৱা হেৰালি ঘৰ বিহুৰ দিনা ধৰ্মীয় পৰম্পৰাৰে স্থাপন কৰে আৰু তিনি দিন ৰখাৰ পাছত মাঘৰ দ্বিতীয় দিনা দাহন কৰে ।
প্ৰথম দুইনিশা হেৰালি ঘৰত নাম-কীৰ্তন কৰা হয় আৰু তৃতীয় দিনা দুপৰীয়া হেৰালি ঘৰখন সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে প্ৰজ্বলন কৰা হয় । উল্লেখ্য যে তৃতীয় দিনটো মঙলবাৰ বা শনিবাৰ হ’লে চতুৰ্থ দিনাহে পোৰাৰ নিয়ম । যিহেতু মাঘ মাহ আৰম্ভ হোৱাৰে পৰা শীতৰ প্ৰকোপ কমিবলৈ ধৰে, সেয়েহে ইয়াক শীত পোৰা উৎসৱ বুলি কোৱা হয় । কামাখ্যা গাঁৱৰ চুবুৰীয়া সোণাৰী গাঁৱতো সেই একেই পৰম্পৰাৰে মাঘ বিহু পালন কৰা হয় (Magh Bihu celebrated in Kaliabor)।
উল্লেখ্য যে, পুহ-মাহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয় (Bhogali Bihu In Assam)। এই বিহু তিনিদিন পালন কৰা হয় । পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায় । এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে জনাজাত ।