অসম

assam

By

Published : Dec 19, 2020, 9:42 PM IST

ETV Bharat / state

দলে বিচাৰিলে তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহীৰ দায়িত্ব ল'বলৈ সাজু মদন দেউৰী

দলে দায়িত্ব দিলে তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্যৰ দায়িত্ব ল'বলৈ সাজু বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰী । চাৰিপুনীয়া চাবুকধৰা পৰিষদীয় সমষ্টিৰ পৰা বিজয়ী হৈ এই মন্তব্য প্ৰদান কৰে প্ৰাৰ্থীগৰাকীয়ে ৷

মদন দেউৰী
মদন দেউৰী

নগাঁও, 19 ডিচেম্বৰ:মৰিগাঁও জিলাৰ চাৰিপুনীয়া চাবুকধৰা পৰিষদীয় সমষ্টিৰ পৰা বিজয়ী হৈছে বিধায়ক তথা তিৱা স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰী ৷ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰী বিজয়ী হোৱাৰ পাচতেই পৰিষদীয় সমষ্টিটোত বিৰাজ কৰে এক উৎসৱমুখৰ পৰিৱেশে ৷ মদন দেউৰীৰ বিজয়ৰ পাছতেই চাবুকধৰাত উপস্থিত হৈ তেওঁক আদৰণি জনায় বিধায়িকা আঙুৰলতা ডেকাৰ লগতে দলীয় সমৰ্থকে ৷ ফটকা, আতচবাজীৰে বিজয় উৎসৱ পালন কৰে কৰ্মী-সমৰ্থকে ৷

দলে বিচাৰিলে তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্যৰ দায়িত্ব ল'বলৈ সাজু: মদন দেউৰী

বিজয়ী হোৱাৰ পাছতেই পূৰ্বৰ তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ বিৰুদ্ধেও মুখ খুলিলে মদন দেউৰীয়ে ৷ পৱন মান্তাক আঁতৰাই মুখ্য কাৰ্যবাহী সদস্য পদ মদন দেউৰীয়ে লাভ কৰিব বুলি চৰ্চা চলি থকাৰ সময়তে বিজয়ী হোৱাৰ পাছতেই দলে দায়িত্ব দিলে মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্ব ল'বলৈ তেওঁ সাজু বুলি মন্তব্য কৰে ৷ আনকি পূৰ্বৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ বিৰুদ্ধে উন্নয়নত ব্যৰ্থ হোৱা বুলি একাংশই অভিযোগ কৰাৰ সময়ত, বিজয়ী মদন দেউৰীয়ে একেটা দলৰে পৱন মান্তাৰ বিৰুদ্ধে অনুৰূপ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক:সুদীৰ্ঘ তিনি বছৰৰ পিছত পিতৃ-মাতৃৰে সাক্ষাৎ হ’ল মিথুনৰ

ABOUT THE AUTHOR

...view details