অসম

assam

ETV Bharat / state

ৰহাত এজেপিৰ বিশাল গণ সমাবেশত লুৰিণজ্যোতি গগৈ

সাংগঠনিক ভেঁটি শক্তিশালি কৰা উদ্দেশ্যে শনিবাৰে ৰহা সমষ্টিত উপস্থিত হয় AJP ৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ সমষ্টিটোৰ অন্তৰ্গত কচুৱাত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ এখন বিশাল গণ সমাবেশ আৰু যোগদান সমাবেশত অংশগ্ৰহণ কৰে লুৰিণজ্যোতি গগৈয়ে ৷

LURIN JYOTI GOGOI at roha nagaon
ৰহাত এজেপিৰ বিশাল গণ সমাবেশত লুৰিণজ্যোতি গগৈ

By

Published : Jan 16, 2021, 9:46 PM IST

Updated : Jan 16, 2021, 9:57 PM IST

বঢ়মপুৰ,16 জানুৱাৰী : ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে এতিয়া 21 ৰ নিৰ্বাচনিক তৎপৰতা সৃষ্টি কৰাত ব্যস্ত হোৱা দেখা গৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ৷ সাংগঠনিক ভেঁটি শক্তিশালি কৰা উদ্দেশ্যে শনিবাৰে ৰহা সমষ্টিত উপস্থিত হয় AJP ৰ নেতাগৰাকী ৷

ৰহাত এজেপিৰ বিশাল গণ সমাবেশত লুৰিণজ্যোতি গগৈ

সমষ্টিটোৰ অন্তৰ্গত কচুৱাত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ এখন বিশাল গণ সমাবেশ আৰু যোগদান সমাবেশত অংশগ্ৰহণ কৰে লুৰিণজ্যোতি গগৈয়ে ৷ ৰহাত উপস্থিত হোৱাৰ পিচতে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈক দলীয় সতীৰ্থ তথা সমৰ্থকসকলে ৰহাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ পথ বিশাল ৰেলী কৰি গণ সমাবেশলৈ লৈ যায় ।

যুৱ সমাজকৰ্মী তথা যুৱ লেখক উৎপল বনিয়া

লুৰিণজ্যোতি গগৈৰ লগত উপস্থিত থাকে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি প্ৰদীপ কুমাৰ ফুকন, উপ-সভাপতি তথা নগাঁও জিলাৰ তত্বাৱধায়ক চমচেৰ সিং, প্ৰচাৰ সম্পাদক জিয়াওৰ ৰহমান, দলৰ বিশিষ্ট কৰ্মী দুলু আহমেদ আৰু অভিনেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শনী ৷

ৰহাত এজেপিৰ বিশাল গণ সমাবেশত লুৰিণজ্যোতি গগৈ

উল্লেখ্য যে, উক্ত যোগদান সমাবেশত ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত যুৱ উদ্যোগী, যুৱ সমাজকৰ্মী তথা যুৱ লেখক উৎপল বনিয়াকে ধৰি কেইবা কুৰি লোকে অসম জাতীয় পৰিষদ দলত যোগদান কৰে । সমাবেশস্থলীত সাংবাদিকক সম্বোধন কৰি লুৰিণজ্যোতি গগৈয়ে অসমৰ আটাইকেইটা সমষ্টিতে AJP য়ে প্ৰাৰ্থিত্ব দিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ তদুপৰি ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলৰ বাহিৰে সকলো আঞ্চলিক দলৰ লগত AJP ৰ মিত্ৰতা সন্দৰ্ভত পুনৰ এক ইংগিত প্ৰদান কৰে এজেপিৰ সভাপতি গৰাকীয়ে।

লগতে পঢ়ক : 18 জানুৱাৰীত অনুষ্ঠিত হ’ব আঞ্চলিক গণমৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তন

Last Updated : Jan 16, 2021, 9:57 PM IST

ABOUT THE AUTHOR

...view details