কলিয়াবৰ , 7 অক্টোবৰ :ৰাজ্যত অব্যাহত আছে পেট্ৰ'ল-ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি । মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ জনগনক ৷ পেট্ৰ'ল-ডিজেলৰ পাচতেই এইবাৰ হুৰা-হুৰে বাঢ়িছে ৰন্ধন গেছৰ মূল্য ৷
ৰাজসাহাৰ্য যুক্ত ঘৰুৱা ৰন্ধন গেছৰ মূল্যই চুইছেগৈ ১০০০ ৰ ঘৰ ৷ যাক লৈ এতিয়া ৰাজ্যৰ গৃহিণীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ কলিয়াবৰৰ একাংশ গৃহিণীৰ অভিযোগ, যি আশা কৰি বিজেপি দলক ভোট দিছিল, সেই আশা শাসনাধীস্থ চৰকাৰে পূৰণ কৰিব পৰা নাই ।
মূল্যবৃদ্ধি : ৰন্ধন গেছৰ মূল্যই চুইছে গৈ ১০০০ ৰ ঘৰ দেশৰ সাধাৰণ জনতাক মাধমাৰ শোধাই নিজৰ ময়মতালিৰে প্ৰতিদিনে চৰকাৰে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ।
লগতে পঢ়ক:অক্টোবৰ মাহৰ প্ৰথমটো দিনতে বৃদ্ধি LPG গেছ চিলিণ্ডাৰৰ মূল্য
আনহাতে, চিলিণ্ডাৰৰ সমান্তৰালকৈ দাইল, চাউল, তেল, শাক-পাচলিৰ অত্যাধিক মূল্যবৃদ্ধি এই বিজেপি চৰকাৰৰ উন্নতিৰ আন এক নামলৈ পৰিণত হৈছে । এই অভিযোগ, কলিয়াবৰৰ একাংশ গৃহিণীৰ ৷ মূল্যবৃদ্ধিয়ে কোঙা কৰা চৰকাৰলৈ গৃহিণীৰ আহ্বান, নিয়ন্ত্ৰণ কৰক মূল্যবৃদ্ধি ৷
ৰাজ্যৰ উন্নতিৰ হকে চৰকাৰে বজাই ফুৰে ঢাক-ঢোল ৷ কিন্তু প্ৰকৃততে কিমান উন্নতি হৈছে, সেয়া বৰ্তমান সময়ত এক অবুজ সাঁথৰ হৈ পৰিছে ৷ উল্লেখ্য যে, অক্টোবৰ মাহৰ প্ৰথমটো দিনটোতেই বৃদ্ধি হৈছিল এলপিজি গেছ চিলিণ্ডাৰ(LPG Gas Cylinder)ৰ মূল্য ৷
অৱশ্যে 19 কিল’গ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰহে(Commercial Cylinder) মূল্যবৃদ্ধি(Price Hike) হোৱা বুলি জানিব পৰা গৈছে ৷ অক্টোবৰৰ 1 তাৰিখলৈকে ৰাজসাহায্য নোহোৱা(Non Subsidy) ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছিল 884.50 টকা ৷
লগতে পঢ়ক:নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন : উপস্থিত থাকিব নিৰ্মলা সীতাৰমণ