অসম

assam

By

Published : Nov 1, 2019, 6:21 PM IST

Updated : Nov 1, 2019, 7:31 PM IST

ETV Bharat / state

এন জি অ ই যোগান ধৰা খাদ্যত ওলাল পোকঃ উত্তাল দুখনকৈ বিদ্যালয়

নগাঁৱত নিম্নমানৰ মধ্যাহ্ন ভোজন যোগানক লৈ উত্তাল দুখন বিদ্যালয় । এন জি অ ই যোগান ধৰা নিম্ন মানৰ খাদ্যক লৈ উত্তাল হৈ পৰে বিদ্যালয়কেইখন ।

এন জি অ ই যোগান ধৰা খাদ্যত ওলাল পোকঃ উত্তাল দুখনকৈ বিদ্যালয়


নগাঁও, ১ নৱেম্বৰঃনগাঁৱত ছাত্ৰ ছাত্ৰীক এন জি অ ই যোগান ধৰা খাদ্যত ওলাইছে পোক। গৰু ছাগলীক দিয়া ধৰণে খোৱা খাদ্য যোগান ধৰাৰ অভিযোগ এন জি অ ৰ বিৰুদ্ধে।

এন জি অ ই যোগান ধৰা খাদ্যত ওলাল পোকঃ উত্তাল দুখনকৈ বিদ্যালয়

পহিলা নৱেম্বৰৰ পৰা মধ্যহ্ন ভোজনৰ কৰ্মচাৰীৰ বিপৰীতে চৰকাৰে ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব প্ৰদান কৰিছে বেচৰকাৰী স্বেচ্ছাসেৱী সন্থাসমূহক। প্ৰথম দিনাই এন জি অ ই যোগান ধৰা নিম্ন মানৰ খাদ্যক লৈ উত্তাল হৈ পৰে নগাওঁ চহৰৰ দুখনকৈ বিদ্যালয়। নগাওঁ ডছন স্কুলৰ লগতে নগাওঁ নুৰুদ্দিন আহমেদ এম ই মাদ্ৰাছাতো এন জি অ ই যোগান ধৰা মধ্যহ্ন ভোজনক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নগাঁৱৰ মুনলাইট নামৰ এটা এন জি অই যোগান ধৰা ভাত আৰু দালিত পোক পতংগ প্ৰত্যক্ষ কৰি জাঙুৰ খাই উঠে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকল। ছাত্ৰ ছাত্ৰীক দুপৰীয়া আহাৰ যোগানৰ নামত গৰু ছাগলীয়ে ভক্ষণ কৰাৰ যোগ্য খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীয়ে। কেৱল এয়াই নহয় ছাত্ৰ ছাত্ৰী অনুপাতে বহু কম পৰিমাণৰ খাদ্য সামগ্রী যোগান ধৰাৰো অভিযোগ উত্থাপন হৈছে। তাৰোপৰি পচা চাউলৰ ভাত যোগান ধৰা বুলি এন জিঅটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সকলে ।

Last Updated : Nov 1, 2019, 7:31 PM IST

ABOUT THE AUTHOR

...view details