অসম

assam

ETV Bharat / state

নানান সমস্যাত জৰ্জৰিত ‘নিউক্লিয়াচ গাহৰি প্ৰজনন কেন্দ্ৰ’

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ২০১৪ চনত নগাঁও জিলাৰ কঠিয়াতলীত স্থাপন হোৱা নিউক্লিয়াচ গাহৰি প্ৰজনন কেন্দ্ৰটো কাৰ্যকৰী হৈছিল ২০১৮ চনত ৷ ৩৬ টা গাহৰি পোৱালীৰে আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমান গাহৰিৰ সংখ্যা ১০২ টা ।

নানান সমস্যাত জৰ্জৰিত ‘নিউক্লিয়াচ গাহৰী প্ৰজনন কেন্দ্ৰ’

By

Published : May 20, 2019, 8:15 PM IST

বঢ়মপুৰ, 20 মে’:নানান সমস্যাত জৰ্জৰিত এতিয়া ২০১৪ চনত নগাঁও জিলাৰ কঠিয়াতলীত স্থাপন হোৱা নিউক্লিয়াচ গাহৰি প্ৰজনন কেন্দ্ৰটো ৷ নিবনুৱা সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি স্থাপন কৰা ফাৰ্মখনত এতিয়া নাই পৰ্যাপ্ত পৰিমাণৰ কৰ্মচাৰীৰ লগতে নাই ওজন জুখিব পৰা মেচিন আৰু ঔষধৰ ব্যৱস্থা ৷ আনকি ঔষধ সংৰক্ষণ কৰাৰ বাবে নাই ফাৰ্মখনত নাই ফ্ৰীজৰ ব্যৱস্থা । লগতে গাহৰিৰ গৰালৰ বেৰ চাপৰ হোৱাৰ লগতে কৰ্মীৰ সংখ্যাও তেনেই কম ।

নানান সমস্যাত জৰ্জৰিত ‘নিউক্লিয়াচ গাহৰী প্ৰজনন কেন্দ্ৰ’

চৰকাৰীভাৱে গাহৰিৰ ঔষধৰ যোগান নধৰাত সমস্যাত পৰিছে চিকিৎসক সকল । যাৰ কাৰণে চিকিৎসকে নিজৰ পকেটৰ ধন খৰচ কৰিব লগাত পৰিছে । আনফালে ভেকচিন ৰাখিবৰ বাবে এটা ফ্ৰীজৰো অভাৱ । ফাৰ্মখনৰ জ্যেষ্ঠ চিকিৎসক হাফিজুৰ ৰহমানে চৰকাৰক এই সমস্যা সমাধানৰ বাবে দাবী জনাইছে ।

ইপিনে গাহৰি পালনক লৈ শ্ৰী মন্ত শংকৰদেৱ সংঘৰ বিৰ্তকৰ মাজতেই পশু চিকিৎসক হাফিজুৰ ৰহমানে নিৱনুৱা সমস্যা সমাধানৰ কাৰণে শ্ৰী মন্ত শংকৰদেৱ সংঘই এটা সু-চিন্তা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

...view details