নগাঁও,16 জানুৱাৰীঃশুকুবাৰে দিন দুপৰতে নগাঁৱৰ হয়বয়ৰগাঁৱত সংঘটিত হয় চাঞ্চল্যকৰ ধন লুটৰ ঘটনা । হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখৰ পৰাই এজন ব্যৱসায়ীক পথৰ ওপৰতে বগৰাই লুটি নিয়ে চাৰি লাখ টকা । পুৱাই হয়বৰগাঁৱৰ এটা বেংকৰ পৰা চাৰি লাখ টকা উঠাই গুৱাহাটীলৈ যাবলৈ সাজু হৈ আছিল শাম গোপাল ঘোষ নামৰ ব্যৱসায়ীজন ।
তেনে সময়তে বাইকত অহা দুজনীয়া দুৰ্বৃত্তই শাম গোপাল ঘোষ নামৰ ব্যৱসায়ীজনৰ পৰা কাঢ়ি লৈ যায় টকাৰ বেগটো। বাইকত অহা দুৰ্বৃত্তই ব্যৱসায়ীজনক বগৰাই বেগটো লৈ উধাও হয় । ইফালে দুৰ্বৃত্তই পথৰ ওপৰত বগৰাই পেলোৱাত আঘাতপ্ৰাপ্ত হয় ব্যৱসায়ীজন।