নগাঁও, 5 আগষ্ট : ‘‘কংগ্ৰেছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বাবে একোৱেই নকৰিলে । গোপীনাথ বৰদলৈক প্ৰথম মৰণোত্তৰভাৱে সন্মান প্ৰদান কৰা হৈছিল বাজপেয়ী চৰকাৰৰ আমোলত । তেতিয়া অসমত গণ পৰিষদৰ চৰকাৰ আছিল । শুকুৰবাৰে নগাঁও জিলা পুথিভঁৰালত আয়োজিত লোক কল্যাণ দিৱসত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta in Nagaon) ৷
লগতে মন্ত্ৰীগৰাকীয়ে কয়, ‘‘গোপীনাথ বৰদলৈ অসমীয়া জাতিৰ পিতা স্বৰূপ । তেওঁ নথকা হ’লে আমি আজি পূৱ-পাকিস্তানৰ বাসিন্দা হ’লোহেতেন । গতিকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত গোপীনাথ বৰদলৈৰ সোঁৱৰণত লোক কল্যাণ দিৱস উদযাপন কৰা হৈছে’’ (Lok Kalyan Divas observed in Nagaon) ।