ধিং, ৫ আগষ্ট :আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২ সংখ্যাক মৃত্যু বাৰ্ষিকী (Gopinath Bordoloi Death Anniversary) উপলক্ষে প্ৰথম বাৰ্ষিক 'লোক কল্যাণ দিৱস' (Lok Kalyan Day) উদযাপন কৰা হয় । উল্লেখ্য, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈ । স্বাধীনতা সংগ্ৰামী গোপীনাথ বৰদলৈয়ে নিজৰ বিচক্ষণতা, পাণ্ডিত্য আৰু দূৰদৰ্শিতাৰে ইংৰাজে গ্ৰুপিং পদ্ধতিৰে ভাৰতক বিভাজন কৰি অসমক পূৰ্ব বংগ বা পূব পাকিস্তানৰ লগত চামিল কৰাৰ যি ষড়যন্ত্ৰ ৰচিছিল সেয়া মষিমূৰ কৰি অসমীয়া জাতিক ৰক্ষা কৰিছিল ।
তেখেতৰ কৰ্ম জীৱনৰ দৰ্শন, জাতিৰ প্ৰতি থকা প্ৰেম আৰু দায়িত্ববোধক প্ৰতিজন ব্যক্তিয়েই শ্ৰদ্ধাৰে সোঁৱৰে । এইগৰাকী পুৰোধা ব্যক্তিৰ পুণ্য তিথিতে এইবাৰৰ পৰা অসম চৰকাৰে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই তথা তেওঁৰ আদৰ্শৰাজি ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবে লোক কল্যাণ দিৱস পালনৰ আয়োজন কৰিছে (Lok Kalyan Divas by Assam Government) ।
মৰিগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ এই লোক কল্যাণ দিৱসৰ সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ পাতৰ, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া উপস্থিত থাকে (Lok Kalyan Divas observed in Morigaon) ।