চামগুৰি, 3 জুন: ৰাজ্যৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হৈছে, যদিও ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ এতিয়াও ৰাজ্যৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ আছে ৷ যাৰ বাবে প্ৰশাসনে জাৰি কৰিছে ইখনৰ পাচত আনখনত নতুন নীতি-নিৰ্দেশনা ৷ ফলত সমগ্ৰ ৰাজ্যতে অব্যাহত আছে মিনি লকডাউন ৷
ক’ভিড মহামাৰীক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা মিনি লকডাউনত বিপাঙত পৰিছে এতিয়া খাটিখোৱা লোকসকল ৷ ধিঙৰ কৃষক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ কিয়নো উপযুক্ত বজাৰৰ অভাৱত মূৰৰ ঘাম মাটিত পেলাই কৃষক সকলে উৎপাদন কৰা ফচল পথাৰতে নষ্ট হ’বলৈ ধৰিছে ৷ উপায়ন্তৰ হৈ কষ্টোপাৰ্জিত ফচল গৰু-ছাগলীক খাব দিবলৈ বাধ্য হৈছে কৃষক সকলে ৷