অসম

assam

By

Published : Jul 16, 2020, 3:48 PM IST

Updated : Jul 16, 2020, 4:36 PM IST

ETV Bharat / state

লক ডাউনে গতি সলালে জীৱনৰ...

কৰ’ণা সৃষ্ট পৰিৱেশৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ক্ষুদ্ৰ ব্যৱসায়ী, দিন-হাজিৰা কৰা লোকৰ পৰিয়ালৰ ৷ মহামাৰীৰ আতংকৰ মাজতো উপাৰ্জনৰ বাবে অব্যাহত ৰাখিছে কঠোৰ জীৱন সংগ্ৰাম । গ্ৰাহকৰ সেৰেঙা উপস্থিতিৰ বাবে লোকচানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন-

Lock down effect on small businessman nagaon assam etv bharat news
লক ডাউনৰ প্ৰভাৱ

নগাঁও,16 জুলাই:এফালে কৰ’ণা ভাইৰাছৰ আতংক,আনফালে লক ডাউন ৷ তাৰমাজতে চকৰি ঘূৰিছে জীৱন ৰথৰ ৷ কৰ’ণা মহামাৰীয়ে সলনি কৰিছে বহু লোকৰ জীৱনৰ গতিপথ ৷ এসময়ত স্বচ্ছল জীৱন যাপন কৰা বহু লোক আজি ব্যস্ত জীৱন সংগ্ৰামত ৷ জীৱনৰ তাড়নাত সকলোৱে অৱলম্বন কৰিছে ন ন পন্থা ৷ একাংশই আৰম্ভ কৰিছে পথৰ দাঁতিত ক্ষুদ্ৰ ব্যৱসায় ৷ এই দৃশ্য নগাঁও চহৰৰ জেইল ৰোডৰ ৷ নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ সমীপত ফলমূল,নাৰিকল বিক্ৰী কৰিছে একাংশ লোকে ৷ কিন্তু কৰ’ণা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিৱেশৰ বাবে উপস্থিতি সেৰেঙা গ্ৰাহকৰ ৷ যাৰ ফলত লোকচানৰ সন্মুখীন হৈছে বিক্ৰেতাসকল ৷ ফলমূলৰ ৰস বিক্ৰেতা সকলোৰে একেই দশা ৷ দিনৰ দিনটো গ্ৰাহকৰ আগমনৰ ক্ষণ গণি অৱশেষত ঘৰলৈ উভটিবলগীয়া হয় বিমৰ্ষ মনেৰে ৷ ফলত হোৱা নাই পূৰ্বৰ দৰে উপাৰ্জন ৷ তথাপিও অব্যাহত ৰাখিছে জীৱন জিনাৰ সংগ্ৰাম ৷

ক্ষুদ্ৰ ব্যৱসায়ত লক ডাউনৰ প্ৰভাৱ

এইবাৰ মন কৰক টেম্প’ আৰু ই ৰিক্সা চালকসকললৈ ৷ যাত্ৰীৰ সন্ধানত অনাই-বনাই ঘুৰি ফুৰিছে বাটপথত ৷ কোনোবাই যদি দুই এজন যাত্ৰী পাইছে তেন্তে আন কোনোবাই আকৌ খালী বাহন লৈ বিচাৰি ফুৰিছে যাত্ৰী ৷ কৰ’ণাতংকই বিধ্বস্ত কৰিছে সকলোৰে জীৱন ৷ কান্ধত কোৰ লৈ পুৱা কামৰ সন্ধানত যোৱা শ্ৰমিকসকলৰো একেই অৱস্থা ৷ কৰ’ণাৰ সংক্ৰমণৰ বাবেই বৰ্তমান আয়ৰ সকলো পথ বন্ধ হৈ পৰিছে শ্ৰমিক সকলৰ ৷ কৰ’ণা ভাইৰাছ আৰু লক ডাউনে সলনি কৰিছে জীৱিকা নিৰ্বাহৰ পদ্ধতি ৷ পেটে ভাতে জীয়াই থকাৰ স্বাৰ্থত বিভিন্নজনে অৱলম্বন কৰিছে বিভিন্ন পথ ৷ কিন্তু দীৰ্ঘদিনীয়া লক ডাউনে যে সকলোৰে বাবে অমানিশা মাতি আনিব সেয়া ক্ৰমাৎ হৈ পৰিছে স্পষ্ট ৷

লগতে চাওকঃবেবেজীয়াত পথ দুৰ্ঘটনাত এজন নিহত

Last Updated : Jul 16, 2020, 4:36 PM IST

ABOUT THE AUTHOR

...view details