কলিয়াবৰ, 14 জুনঃ বান বিধ্বস্ত কলিয়াবৰৰ বৰঘূলি অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱা সাংসদ গৌৰৱ গগৈ আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ শুকুৰবাৰে বান বিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰিবলৈ গৈছিল কংগ্ৰেছৰ দুয়োগৰাকী নেতা ৷ আনলক 1ৰ সময়ত চৰকাৰী সকলো নিয়ম উলংঘা কৰাৰ লগতে নিৰ্বাচনৰ প্ৰাকক্ষণত দুয়োগৰাকী নেতাই বৰঘূলি অঞ্চল পৰিদৰ্শন কৰাটোক সস্তীয়া ৰাজনীতি কৰা বুলি অভিযোগ কৰে স্থানীয় লোকে ৷
গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বৰঘূলিবাসীয়ে - সাংসদ গৌৰৱ গগৈ
আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত বান বিধ্বস্ত কলিয়াবৰৰ বৰঘূলি অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱা সাংসদ গৌৰৱ গগৈ আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুচেইনক লৈ ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ ৷
স্থানীয় ৰাইজৰ অভিযোগ 15 বছৰে অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সত্বেও বৰঘূলিবাসী ৰাইজৰ দীৰ্ঘদিনীয়া বান সমস্যাৰ সমাধান কৰিব নোৱাৰিলে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সাংসদ দীপ গগৈ কিন্বা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈয়েও ৷ উল্লেখ্য যে, বৰঘূলি অঞ্চল পৰিদৰ্শনৰ সময়ত দুয়োগৰাকী নেতাই অঞ্চলটোত জল সম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে কৰা কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰে আৰু সেই কামত দুৰ্নীতি হোৱা বুলি অভিযোগ কৰে ৷ নেতা কেইগৰাকীৰ এনে মন্তব্যক ৰঘূলীবাসীয়ে কোনো কাৰণতে মানি নলয় বুলি উল্লেখ কৰে, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বৰঘূলি আঞ্চলিকৰ সদস্য তথা স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃনিৰ্বাচন যিকোনো সময়তে অনুষ্ঠিত হ'লেও দলত কোনো প্ৰভাৱ নপৰে : ৰঞ্জিত কুমাৰ দাস