অসম

assam

ETV Bharat / state

থলুৱা শিপিনীৰ বাবে কলিয়াবৰ আছুৰ বিশেষ পদক্ষেপ

থলুৱা শিপিনীক অৰ্থনৈতিকভাবে সবল কৰাৰ লগতে এক উদ‍্যোগ স্থাপনৰ লক্ষ‍্য আগত ৰাখি এই অভিযান বিগত বছৰৰ পৰা আৰম্ভ কৰিছিল। জখলাবন্ধাস্থিত অসম ৰাজ‍্যিক পৰিবহণ নিগমৰ আস্থানৰ সমীপত এই বিক্ৰী কেন্দ্ৰই স্থানীয় গ্ৰহকক থলুৱা গামোচা যোগান ধৰিবলৈ সক্ষম হ'ব বুলি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই আশা প্ৰকাশ কৰে ৷

থলুৱা শিপিনীৰ বাবে কলিয়াবৰ আছুৰ বিশেষ পদক্ষেপ

By

Published : Apr 13, 2019, 1:50 AM IST

কলিয়াবৰ, 13 এপ্ৰিলঃ থলুৱা শিপিনীক অৰ্থনৈতিকভাৱে সবল কৰাৰ লক্ষ‍্যৰে শুকুৰবাৰে জখলাবন্ধাত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ 'থলুৱা গামোচা বিক্ৰী কেন্দ্ৰ' মুকলি কৰা হয় ৷

থলুৱা শিপিনীৰ বাবে কলিয়াবৰ আছুৰ বিশেষ পদক্ষেপ
এই থলুৱা গামোচা বিক্ৰী কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলিয়াবৰ শাখা সাহিত‍্য সভাৰ সভাপতি অৰবিন্দ বৰগোহাঁয়ে। থলুৱা শিপিনীক অৰ্থনৈতিকভাবে সবল কৰাৰ লগতে এক উদ‍্যোগ স্থাপনৰ লক্ষ‍্য আগত ৰাখি এই অভিযান বিগত বছৰৰ পৰা আৰম্ভ কৰিছিল কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

বিগত বছৰত সংগঠনটোৰ উদ্যোগত স্থানীয় শিপিনীসকলে দহ হাজাৰতকৈ অধিক গামোচা উৎপাদন কৰিছিল ৷ ছাত্ৰ সংগঠনটোৱে থলুৱা শিপিনীসকলৰ উৎপাদিত গামোচাক এখন বজাৰ দিয়াৰ বাবে এই প্ৰয়াস গ্ৰহণ কৰিছে ৷ জখলাবন্ধাস্থিত অসম ৰাজ‍্যিক পৰিবহণ নিগমৰ আস্থানৰ সমীপত এই বিক্ৰী কেন্দ্ৰই স্থানীয় গ্ৰহকক থলুৱা গামোচা যোগান ধৰিবলৈ সক্ষম হ'ব বুলি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই আশা প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details