অসম

assam

ETV Bharat / state

থলুৱা গামোছাৰে বজাৰ দখলৰ প্ৰচেষ্টা কলিয়াবৰ ছাত্ৰ সংন্থাৰ - চিলাবন্ধা গাঁৱ

থলুৱা শিপীনিৰ দ্বাৰা বৈ ওলোৱা গামোচাৰে জখলাবন্ধাত এখনি বিপনী মুকলি কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৷ থলুৱা গামোচাৰ চাহিদা বৃদ্ধিৰ বাবে বৰ্তমান গ্ৰাহকলৈ বিক্ৰীৰ ব্যৱস্থাৰ দৰে এক সুন্দৰ পদক্ষেপ কলিয়াবৰ ছাত্ৰ সন্থাৰ ৷

থলুৱা গামোছাৰে বজাৰ দখলৰ প্ৰচেষ্টা কলিয়াবৰ ছাত্ৰ সংন্থাৰ
থলুৱা গামোছাৰে বজাৰ দখলৰ প্ৰচেষ্টা কলিয়াবৰ ছাত্ৰ সংন্থাৰ

By

Published : Apr 12, 2021, 4:57 PM IST

কলিয়াবৰ, 12 এপ্ৰিল : হেপাঁহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত থলুৱা শিপীনিৰ দ্বাৰা বৈ ওলোৱা গামোচাৰে জখলাবন্ধাত এখন বিপনী মুকলি কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই । থলুৱা গামোচাৰে অসমক উজ্জীৱিত কৰা লক্ষ্যৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ এই প্ৰয়াসৰ ধাৰাবাহিকতা ৰক্ষা কৰি কলিয়াবৰৰ শিপীনি গাঁওখ্যাত নিজ চিলাবন্ধা গাঁৱৰ শিপীনিসকলে বৈ ওলোৱা গামোচাৰে জখলাবন্ধাত বিপনীখন মুকলি কৰে ছাত্ৰ সন্থাই ।

থলুৱা গামোছাৰে বজাৰ দখলৰ প্ৰচেষ্টা কলিয়াবৰ ছাত্ৰ সংন্থাৰ

উল্লেখ্য যে, বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো নিজ চিলাবন্ধা গাঁৱৰ শিপীনিসকলৰ মাজত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই গামোচা ব’বৰ বাবে সূতা বিতৰণ কৰিছিল । সেই সূতাৰে উৎপাদিত থলুৱা গামোচাৰ চাহিদা বৃদ্ধিৰ বাবে বৰ্তমান গ্ৰাহকৰ বাবে বিক্ৰীৰ ব্যৱস্থা কৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক :মন্ত্ৰী ভৱেশ কলিতাৰ বিহু গীতৰ তালে তালে কঁকাল ভাঙিলে কোনে ?

ABOUT THE AUTHOR

...view details