অসম

assam

ETV Bharat / state

জীৱিত নৱজাতকক ঘোষণা কৰা হ'ল মৃত ! - জীৱিত নৱজাতকক কিয় মৃত ঘোষণা কৰা হ'ল ?

এক ভয়ংকৰ অভিযোগ । জীৱিত নৱজাতকক মৃত ঘোষণাৰ অভিযোগ । ৰূপহীহাট মডেল হাস্পতালৰ নাৰ্চে মৃত ঘোষণা কৰা নৱজাতক এতিয়া ম'হখুলি চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন ।

Rupahihat Model Hospital
জীৱিত নৱজাতকক মৃত ঘোষণা

By

Published : Aug 16, 2021, 9:30 PM IST

নগাঁও, 16 আগষ্ট : নগাঁৱৰ ৰূপহীহাট মডেল হাস্পতালৰ বিৰুদ্ধে উত্থাপন হৈছে এক ভয়ংকৰ অভিযোগ । জীৱিত নৱজাতকক মৃত বুলি ঘোষণা কৰাৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাট মডেল হাস্পতালত কৰ্মৰত নাৰ্চৰ বিৰুদ্ধে । ৰূপহীহাটৰ লাওগাঁৱৰ আজিদা খাতুন নামৰ মহিলাগৰাকীক সন্তান প্ৰসৱৰ বাবে ভৰ্তি কৰোৱা হৈছিল ৰূপহীহাট মডেল হস্পিতালত ।

সোমবাৰে পুৱা এটি সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে । পৰৱৰ্তী সময়ত নৱজাতকটিৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ পাচতে ৰূপহীহাট মডেল হাস্পতালত ভৰ্তি কৰে পৰিয়ালৰ লোকে । নৱজাতকটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আইচিইউত ভৰ্তি কৰাবলগীয়া হয় ৷

জীৱিত নৱজাতকক মৃত ঘোষণা

লগতে পঢ়ক:ভৱিষ্যতৰ শংকাত ভুগিছে বহিঃৰাষ্ট্ৰত বাস কৰা আফগানী নাগৰিকে

কিছু সময় পিছতে কোনো এজন চিকিৎসক উপস্থিতি নথকাত নাৰ্চে নৱজাতকটি মৃত ঘোষণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । আনকি চিকিৎসক নথকা বাবে পৰৱৰ্তী দিনত আহি মৃত্যুৰ প্ৰমাণ পত্ৰ লৈ যাবলৈ কোৱা বুলি নাৰ্ছৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ ।

নৱজাতকটিক চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ যাবলৈ লওঁতেই নৱজাতকটিয়ে অংগ সঞ্চালন কৰা প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে । লগে লগে নৱজাতকটিক ম'হখুলিস্থিত শিশু আৰু মাতৃ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ আছে নৱজাতকটি ।

এই সন্দৰ্ভত ৰূপহীহাট মডেল হাস্পতালৰ চিকিৎসক অথবা নাৰ্চে এই পৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই । এই ঘটনাই সমগ্ৰ ৰূপহীহাট অঞ্চলৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত উক্ত ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে স্থনীয় সচেতন লোক সকলে ।

লগতে পঢ়ক: এতিয়াৰে পৰা বায়ুসেনা সহ বিশাল সামৰিক সম্পত্তিৰ অধিকাৰী হ’ব তালিবান

ABOUT THE AUTHOR

...view details