নিউজ ডেস্ক, 8 এপ্ৰিল : নিৰ্বাচন চমু চপাৰ লগে-লগেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হৈছে লক্ষাধিক মূল্যৰ সুৰা ৷ ভোটাৰক প্ৰলোভন দিয়াৰ চলেৰে যোগান ধৰা হৈছে দেশী-বিদেশীকে ধৰি বিভিন্ন সুৰা ৷
কলিয়াবৰত সুৰাসহ জব্দ ইণ্ডিকা আৰু পঞ্জীয়ন বিহীন গ্লেমাৰ
ভোটাৰক প্ৰলোভিত কৰাৰ উদ্দেশ্যেৰে যোগান ধৰা হৈছে দেশী-বিদেশী সুৰা
কলিয়াবৰত জব্দ লক্ষাধিক মূল্যৰ সুৰা
সোমবাৰে বিয়লি কলিয়াবৰ মহকুমাৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত ৰেকাপাহাৰত আৰক্ষীয়ে জব্দ কৰে ছটাকৈ সুৰাৰ কাৰ্টন৷ বিদেশী সুৰাৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুজনকৈ লোককো ৷ এছ এছ টি আৰু এফ এছ চিৰ অভিযানত জব্দ হয় বিদেশী সুৰাখিনি৷ এছ. ০১ এ. ই. ৮৮৩৬ নম্বৰৰ ইণ্ডিকা গাড়ী আৰু এখন পঞ্জীয়ন বিহীন হিৰ' গ্লেমাৰ বাইকত ধৰা পৰে বিদেশী সুৰাৰ কাৰ্টন কেইটা৷ সুৰাৰ লগতে নগদ এক লাখ বাৱন্ন হাজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হয় শালনা আৰক্ষী৷