অসম

assam

ETV Bharat / state

এগৰাকী বাছ চালকৰ কৰুণ জীৱন গাঁথা

চামগুৰি সমষ্টিৰ সুতাৰ গাঁৱৰ এগৰাকী বাছ চালকৰ কৰুণ জীৱন গাঁথা । কাল কৰ’ণাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা এটি পৰিয়ালৰ । অৰ্থৰ অভাৱত বিনা চিকিৎসাই ঘৰলৈ উভতিল ৰোগীয়া পত্নীক লৈ চিকিৎসালয়ৰ পৰা । চাওক এই বিশেষ প্ৰতিবেদন ।

Life of a Driver
এগৰাকী বাছ চালকৰ কৰুণ জীৱনগাঁথা

By

Published : Jul 7, 2021, 7:48 PM IST

Updated : Jul 7, 2021, 10:57 PM IST

চামগুৰি, 7 জুলাই : কৰ’ণাই কোঙা কৰা এটা দুৰ্ভগীয়া পৰিয়াল ৷ চামগুৰি সমষ্টিৰ সুতাৰ গাঁৱৰ এগৰাকী বাছ চালকৰ কৰুণ জীৱন গাঁথা ৷ ৰুগীয়া পত্নীৰ বাবে বাছ চালক স্বামীৰ সহায় ভিক্ষা মাগিছে দুৰ্ভগীয়া বাছ চালক জনে ৷

কাল ক'ৰণাৰ বাবে অধিক বিপদত পৰিছে বিশেষকৈ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকল । বিগত বৰ্ষত কাল কৰ’ণাই কোঙা কৰা সাধাৰণ লোকসকল বিপদত পৰিছে কৰ’ণাৰ দ্বিতীয় লহৰতো । আংশিক লকডাউনত দিক বিদিক হেৰুৱাইছে বহু দৰিদ্ৰ পৰিয়ালে ।

চামগুৰি সমষ্টিৰ সুতাৰ গাঁৱৰ এগৰাকী বাছ চালকৰ জীৱন কাহিনী শুনিলে আপোনাৰো চকু সেমেকি উঠিব ।

চামগুৰিৰ সুতাৰ গাঁৱৰ বাছ চালক গৰাকীৰ নাম হৈছে ঘনশ্যাম হাজৰিকা । সুতাৰ গাঁৱৰ ঘনশ্যাম পেছাত এগৰাকী বাছ চালক । কিন্তু প্ৰায় দুবছৰেই কৰ’ণাৰ বাবে চলাব পৰা নাই গাড়ী । যাৰ বাবে ৰুগীয়া পত্নীক অৰ্থৰ অভাৱত কৰিব পৰা নাই চিকিৎসা ।

এগৰাকী বাছ চালকৰ কৰুণ জীৱন গাঁথা

কিছু দিন পূৰ্বে ঘনশ্যাম হাজৰিকাৰ পত্নী অঞ্জু হাজৰিকা উচ্চ ৰক্ত চাপত আক্ৰান্ত হৈছিল ৷ লগে লগে চিকিৎসাললৈ নিছিল যদিও অৰ্থৰ অভাৱত পুনৰ ঘৰলৈ ঘুৰাই আনিবলৈ বাধ্য হ’ল পত্নী অঞ্জু হাজৰিকাক । চিকিৎসাৰ নামত ঘৰৰ যি সম্পত্তি আছিল সেয়াও সকলো শেষ হ'ল । তথাপিও বিপদে লগ এৰা নাই এই পৰিয়ালটোৰ ।

পৰিয়ালটোৰ এনে দুখজনক পৰিস্থিতিত ওচৰ চুবুৰীয়াই পাৰ্যমানে সহায় কৰিছে ৷ কিন্তু ঘনশ্যামৰ পত্নীৰ চিকিৎসাৰ বাবে সেইয়া পৰ্যাপ্ত নহয় । যাৰ বাবে এতিয়া কৰ’ণাই কোঙা কৰা এই পৰিয়ালটোৱে চৰকাৰৰ ওচৰত বিচাৰিছে সহায় ভিক্ষা । গাঁওবাসীয়েও এই দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবলৈ স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰীক জনাইছে অনুৰোধ ।

কৰ’ণাই কোঙা কৰা চামগুৰি সমষ্টিৰ সুতাৰ গাঁৱৰ এই গৰাকী বাছ চালকৰ অৱস্থা এতিয়া তেনেই তথৈবছ ৷ এইয়া মাত্ৰ এক উদাহৰণহে ৷ ঘনশ্যাম হাজৰিকাৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ দৰে ৰাজ্যত এতিয়া এনে বহু পৰিয়ালৰ বাবে কাল কৰ’ণা হৈ পৰিছে অভিশাপ ৷ এনে সময়ত চৰকাৰৰ লগতে বেচৰকাৰী সংস্থাসমূহ আগুৱাই আহি সহায়ৰ হাত আগ নবঢ়ালে এই লোকসকলে মুখামুখি হ’ব লাগিব এক ভয়ানক দুৰ্ভিক্ষৰ ৷

লগতে পঢ়ক:কচু খেতিৰে পৰিয়াল পোহপাল দিছে এখন গাঁৱৰ কৃষকে

Last Updated : Jul 7, 2021, 10:57 PM IST

ABOUT THE AUTHOR

...view details